NORTHEAST NOW (Assamese)
অসম

সুশান্তৰ মৃত্যুৰ পাছত কিয় ইমানদিনে নীৰৱে আছিল? মুখ খুলিলে কৃতি স্যাননে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 22, 2021 12:44 pm
Kirti sanon vs sushant sing

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছত অভিনেতাগৰাকীৰ অন্তিম যাত্ৰাত দেখা গৈছিল কৃতি স্যানন আৰু শ্ৰদ্ধা কাপুৰক। ইয়াৰে কৃতীৰে সৈতে এসময়ত প্ৰয়াত অভিনেতা সুশান্তৰ প্ৰেম সপ্তমত উঠিছিল।

কোনো এক অজান কাৰণত সুশান্তে তেওঁৰ প্ৰথম ছবি ‘ৰাবতা’ৰ সহ অভিনেত্ৰী কৃতিৰ কাষৰ পৰা আঁতৰি গৈছিল। অৱশ্যে সেই কাহিনী ৰহস্য আৱৰ্ততে সোমাই থাকিল যদিও তেওঁলোকৰ বন্ধুত্ব অটুট আছিল।

সুশান্তৰ সেই ঘনিষ্ঠ বান্ধৱী কৃতিয়ে সুশান্তৰ মৃত্যুৰ পাছত ইনষ্টাগ্ৰামত দীঘলীয়া প’ষ্ট কৰি মনৰ ভিতৰৰ সকলো অভিমান দাঙি ধৰিছিল। কিন্তু ইয়াৰ পাছত প্ৰায় নীৰৱ হৈ পৰিছিল কৃতি।

এইবাৰ কৃতিয়ে ইমানদিনে সুশান্তৰ বিষয়ত কিয় নীৰৱ হৈ আছিল সেইকথা সদৰী কৰিছে।

শেহতীয়া এক সাক্ষাৎকাৰত কৃতিয়ে কয় যে এটা সময় আছিল যেতিয়া সকলোতে ব্যাপক আলোচনা, চৰ্চা আৰম্ভ হয়। মই ইয়াৰ অংশ হ’ব বিচৰা নাছিলো। কিয়নো মানুহে এটা সময়ত সংবেদশীলতা পাহৰি পেলাইছিল। চাৰিওপিনে নেতিবাচক চৰ্চাৰে ভৰি পৰিছিল।

সুশান্তৰ মৃত্যুৰ পাছত নিজৰ মনৰ কথা ব্যক্ত কৰা সুদীৰ্ঘ মেচেজত কৃতিয়ে ইংগিত দিছিল যে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সুশান্তই তেওঁক দূৰলৈ অঁতৰাই পঠিয়াইছিল।

কৃতিয়ে লিখিছিল,’’সুশ… মই জানো তোমাৰ দীপ্ত মন তোমাৰ বন্ধু আছিল আৰু আটাইতকৈ ডাঙৰ শত্ৰুও। কিন্তু তুমি যি কৰিলা সেইটোৱে মোক সম্পূৰ্ণভাৱে মোক ভাঙি পেলাইছে।‘’

সম্প্ৰতি কৃতি কেইবাখনো নতুন ছবিক লৈ ব্যস্ত। পৰিচালক ফৰহাদ চামজিৰ ‘বচ্চন পাণ্ডে’ত অক্ষয় কুমাৰৰ বিৰুদ্ধে অভিনয় কৰিছে কৃতিয়ে। তাৰ পাছতে পৰিচালক বিকাশ বেহেলৰ ‘গণপথ’ আহি আছে। ছবিখনত কৃতিয়ে টাইগাৰ শ্ৰফৰ বিপৰীতে অভিনয় কৰিছে। ইয়াৰ পাছতে আহি আছে কৃতিৰ বহু অপেক্ষিত ছবি ‘আদিপুৰুষ’। ছবিখনত কৃতিয়ে সীতাৰ চৰিত্ৰত অভিনয় কৰিছে।