NORTHEAST NOW (Assamese)

‘ক’ৰ’ণা’ৰ পিছত কুমাৰ ভৱেশৰ ‘চিনেমা চিনেমা’ গীতৰ শুভমুক্তি

October 4, 2020 2:11 pm · এন ই নাও নিউজ
Updated: October 4, 2020 2:23 pm

ক’ৰ’ণাতংকৰ সময়তে জনপ্ৰিয় শিল্পী কুমাৰ ভৱেশে ক’ৰ’ণা ভাইৰাছকলৈ গোৱা দুটাকৈ গীতে ছ’চিয়েল মিডিয়াকে ধৰি অন্যান্য মাধ্যমত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছত শিল্পী গৰাকীৰ আন এটা গীত ‘চিনেমা চিনেমা’ৰ আজি শুভমুক্তি দিয়া হয়।

গীতটিৰ ৰচনা কৰিছে গ্ৰন্থৰ জগতৰ সৈতে জৰিত থাকিও সংগীতৰ ক্ষেত্ৰ খনৰ সৈতে যুক্তহৈ পৰা ৰাকেশ গোস্বামীয়ে।

গীতটিৰ পৰিকল্পনা কুমাৰ ভৱেশৰ আৰু ৰাজ্যৰ বিভিন্ন স্থানৰ মনোমোহা লোকেছনত গীতটিৰ দৃশ্যগ্ৰহণ কৰা হৈছে।

আজি ইউটিউৱত গীতটি আনুষ্ঠানিক ভাবে মুক্তি দিয়া হয় বুলি গীতিকাৰ ৰাকেশ গোস্বামীয়ে প্ৰকাশ কৰিছে।

Related News