NORTHEAST NOW (Assamese)
অসম

চামগুৰিত টি কে কোম্পানীৰ প্ৰৱেশ পথত শ্ৰমিকৰ প্ৰতিবাদ সাৱ্যস্ত

Posted by: বিদুৎ জ্যোতি বৰা September 4, 2018 6:29 am
chamaguri tea estate.docx photo

নগাঁও জিলাৰ  চামগুৰি সমষ্টিৰ  ভেলেউগুৰিস্থিত টি কে কোম্পানীত সোমবাৰে ক্ষুব্ধ শ্ৰমিকে প্ৰাপ্য মজুৰি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে।

জানিব পৰা মতে সোমবাৰে দুপৰীয়া কোম্পানীটোৰ প্ৰৱেশ পথত বাহ বান্ধি, শুই-বহি সহস্ৰাধিক শ্ৰমিকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বিগত পাচঁ মাহ ধৰি পাৰিশ্ৰমিক নোপোৱাৰ ক্ষোভতেই শ্ৰমিক সকলে কোম্পানীটোৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাৱ্যস্ত কৰে বুলি জানিব পৰা গৈছে ।

কিছুদিন পূৰ্বে টি কে কোম্পানীয়ে নগাঁৱৰ উৰিয়া গাঁৱৰ পৰা চামগুৰিৰ গটংগা লৈকে চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ নিৰ্মাণৰ কাম আন এটা কোম্পানীক অৰ্পণ কৰিছে বুলি জানিব পাৰি শ্ৰমিকসকলে এই দৰে প্ৰাপ্য পাৰিশ্ৰমিক আদায় দিয়াৰ দাবীত কোম্পানীটোৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰা দেখা যায়।

উল্লেখযোগ্য যে যোৱা ৩১ আগষ্টত অসম চৰকাৰৰ উদ্যোগ মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে আদিবাসী চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকা বৃদ্ধিৰ দাবীত আন্দোলন কৰা সংগঠন সমূহৰ ওপৰত কৰা এক বিতৰ্কিত মন্তব্য আৰু শ্ৰমিকৰ মজুৰি ৩৫০ টকা বৃদ্ধি কৰাটো অসম্ভৱ বুলি কোৱা মন্তব্যৰ প্ৰতিবাদত আছাৰ নগাঁও জিলা সমিতিয়ে  প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল।