NORTHEAST NOW (Assamese)
অসম

শৰাইঘাটৰ সেনানায়ক লাচিতক সাক্ষী ৰখা হৈছে লুইতপাৰৰ মদ-জুৱাৰ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক July 18, 2019 8:01 pm
Lachit Borphukan: "Drug adda'' gheraos Ahom GoC's statue in Guwahati

শৰাইঘাট ৰণৰ নেতৃত্ব দিয়া সেনানায়ক লাচিত বৰফুকন আজি নাই। গুৱাহাটীত বৰ্লুইতৰ উত্তাল বুকুত থিয় হৈ থকা তেওঁৰ মূৰ্তিটোৱেই আজিৰ অসমবাসীৰ বাবে ইতিহাসৰ গৌৰৱময় স্মৃতি।

কিন্তু গুজৰাটত লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ মূৰ্তি জিলিকি উঠাৰ পৰত লুইতৰ বুকুৰ সেনাধ্যক্ষ লাচিতক সাক্ষী কৰি ৰখা হৈছে পাৰত চলা মদ-ভাং-জুৱাৰ আড্ডাৰ।

মাছখোৱাত ব্ৰহ্মপুত্ৰৰ মাজত থকা বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ সন্মুখভাগ দিন-দুপৰতে হৈ পৰে মদ-ভাং-ড্ৰাগছ-জুৱাৰ আড্ডা।

বৃহস্পতিবাৰে নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে সেই দৃশ্য।

বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ সন্মুখৰ পাৰ্কত কি চলে সেয়া ক’লে তাৰ আড্ডাত বহা যুৱকেই।

“এই প্ৰতিমূৰ্তিৰ ওচৰতেই মদ বিক্ৰী হয়। আৰক্ষীয়ে টকা লৈ ইয়াত মদ বিক্ৰী কৰিব দিয়ে। ইয়াত পাৰ্কখন বনাইছে কিন্তু ইয়াত নিৰাপত্তাৰক্ষী নাই। যাৰ বাবে এনেকৈ মদ-ভাং-ড্ৰাগছেৰ আড্ডা চলিব পাৰিছে,” যুৱকজনে ক’লে।

অসম চৰকাৰে লাচিতৰ প্ৰতিমূৰ্তি স্থাপন কৰিলে হয়, কিন্তু প্ৰতিমূৰ্তি স্থাপনৰ তিনিটা বছৰ পাৰ হৈ যোৱাৰ পাছতো চৌপাশৰ শোভা বৰ্ধনৰ কোনো ব্যৱস্থা নল’লে।

এতিয়া জংঘল, আৱৰ্জনাৰ মাজত আছে মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তি। সন্মুখতে ভগ্নপ্ৰায় এটা তৰ্জাৰ বেৰৰ ঘৰ, পাৰঘাট আৰু কেতিয়াবাতে তাত পুতি থোৱা অব্যৱহৃত কেইটামান বাঁহৰ খুটা। কদৰ্য্যময় নদীৰ পাৰ।

প্ৰতিমূৰ্তি দৰ্শনৰ বাবে নাই পৰ্য্যটক যোৱাৰ পৰিৱেশ। নিচাৰ আড্ডা চলা পাৰ্কখনত আকৌ দিনৰ ভাগতো তলাবন্ধ কৰি ৰখা হয়।

বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ প্ৰতি এই অৱহেলাক লৈ ক্ষোভ উজাৰিছে জাতীয় দল সংগঠনে।

এই সন্দৰ্ভত টাই আহোম যুৱ পৰিষদ, অসমৰ সভাপতি দিলীপ গগৈয়ে কয়, “বীৰ লাচিতৰ প্ৰতিমূৰ্তিটোৰ কাষত এখন সুন্দৰ পাৰ্ক বনোৱাৰ লগতে মূৰ্তিটোৰ কাষলৈ মানুহ যাব পৰা সুন্দৰ ব্যৱস্থা কৰি দিবলৈ আমি পূৰ্বৰ আৰু এতিয়াৰ চৰকাৰক বহুবাৰ অনুৰোধ জনাইছো। চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি কিমান সুন্দৰকৈ ৰাখিছে, কিন্তু অসমৰ মন্ত্ৰী-বিষয়াসকলৰ কোনো জ্ঞান নাই। তেওঁলোকে কেৱল চৰকাৰী ধন কেনেদৰে হৰলুকি কৰিব পাৰে সেয়াহে জানে। তেওঁলোকে ৰাজ্যৰ উন্নয়নমূলক কথা একোৱে নাজানে।”

ক্ষোভ উজাৰিছে সন্মিলিত লাচিত সেনা, অসমৰ উপ সভাপতি প্ৰশান্ত দাসেও।

তেওঁ কয়, “মাছখোৱাৰ লাচিতৰ মূৰ্তিটোৰ চৌপাশ যিদৰে কদৰ্য্যময় কৰি ৰাখিছে তাত পৰ্য্যটক যোৱাৰ কোনো পৰিৱেশেই নাই। তাত মদ-ভাঙৰ আড্ডা চলি থকা বিষয়টো অত্যন্ত দুৰ্ভাগ্যজনক। চৰকাৰ-প্ৰশাসনে এইক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে।”