NORTHEAST NOW (Assamese)

Gen-Z ৰ প্ৰতিবাদত জ্বলি উঠিছে লাডাখ: ৪ জনৰ মৃত্যু, আহত বহুজন…

September 25, 2025 8:22 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 25, 2025 2:02 pm

লাডাখক পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি আৰু সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত যোৱা কেইবা দিন ধৰি লেহত অব্যাহত আছে প্ৰতিবাদ। জলবায়ু কৰ্মী সোণম ৱাংচুৰ নেতৃত্বত প্ৰায় ১৫ দিন ধৰি চলি থকা এই আন্দোলনে ২৪ ছেপ্টেম্বৰত হিংসাত্মক ৰূপ লয়।

ছাত্র-ছাত্রী আৰু আৰক্ষীৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। এতিয়ালৈকে এই প্ৰতিবাদত ৪ জনৰ মৃত্যু আৰু প্ৰায় ০ জন আহত হোৱাৰ তথ্য প্ৰকাশ পাইছেপ্ৰতিবাদকাৰীৰ দলে  বিজেপিৰ কাৰ্যালয় আৰু চিআৰপিএফৰ বাহন অগ্নিসংযোগ কৰি পৰিস্থিতি উত্তপ্ত কৰি তুলাৰ লগতে, প্ৰতিবাদকাৰীয়ে শীঘ্ৰেই দাবী পূৰণ কৰাৰ আহ্বান জনাইছে। লক্ষণীয় যে, এই প্ৰতিবাদত অংশগ্ৰহণকাৰীসকলৰ অধিকাংশেই যুৱক-যুৱতী।

উল্লেখ্য যে ২০১৯ চনৰ ৫ আগষ্টত জম্মু-কাশ্মীৰ আৰু লাডাখক পৃথক কৰি দুটা কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰা হৈছিল। সেই সময়ত লাডাখবাসীয়ে কেন্দ্ৰৰ অধীনত থাকিলে দ্ৰুত উন্নয়ন হ’ব বুলি আশা কৰিছিল। কিন্তু এতিয়া উন্নয়নমূলক কাম ব্যপকভাবে পিছ পৰি ৰোৱাত লাডাখবাসী হতাশ হৈ পৰিছে আৰু পুনৰ স্বায়ত্তশাসনৰ দাবী উত্থাপন কৰিছে।

ইয়াৰোপৰি প্ৰতিবাদকাৰীয়ে লাডাখক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈও দাবী উত্থাপন কৰিছে। কিয়নো ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্তশাসিত অঞ্চল গঠন কৰি স্থানীয় জনগণে নিজস্ব প্ৰশাসন আৰু উন্নয়ন কাৰ্যত অংশগ্ৰহণৰ সুযোগ লাভ কৰে। বৰ্তমান অসম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আদিত এই বিশেষ ব্যৱস্থা প্ৰযোজ্য হৈ আছে।

লাডাখ জম্মু-কাশ্মীৰৰ অংশ হৈ থাকোতে বিশেষ অধিকাৰ লাভ কৰিছিল। কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰ পাছত সেই সুবিধাৰ পৰা বঞ্চিত হয়। ফলত চাকৰি, উন্নয়ন আৰু প্ৰশাসন পৰিচালনাৰ ক্ষেত্ৰত বহু সমস্যা দেখা দিছে। বিশেষকৈ, গেজেটেড পদৰ বাবে বিগত পাঁচ বছৰত কোনোধৰণৰ নতুন নিযুক্তি হোৱা নাই, যাৰ ফলত নিবনুৱাৰ সমস্যাও বৃদ্ধি পাইছে।

এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, অহা ৬ অক্টোবৰত গৃহ মন্ত্ৰালয়ে প্ৰতিবাদকাৰীসকলৰ সৈতে বৈঠকত মিলিত হ’বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। উক্ত বৈঠকতে দাবীসমূহ সমাধানৰ বিষয়ত আলোচনা কৰাৰ আশা প্ৰকাশ কৰিছে প্ৰতিবাদকাৰী সকলে

Related News