NORTHEAST NOW (Assamese)

লাডাখৰ গালৱান উপত্যকা ভাৰতৰ নহয়, চীনৰহে : এই বিস্ফোৰক দাবী বেইজিঙৰ

June 20, 2020 5:08 pm · এন ই নাও নিউজ
Updated: June 20, 2020 5:15 pm
প্ৰতিকী ফ'টো, উৎস-ইন্টাৰনেট

লাডাখৰ গালৱান উপত্যকা ভাৰতৰ নহয়, চীনৰহে।

আজি এই দাবী উত্থাপন কৰিলে বেইজিঙে।

ভাৰতস্থিত চীনৰ দূতাৱাসৰ ৱেবছাইটত চীনৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা এটা বিবৃতিত এই দাবী কৰিছে দেশখনে।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ঝাও লিজানকৰ বিবৃতিৰে মুখপত্ৰখনত কোৱা হৈছে যে, লাডাখৰ ভাৰত-চীন সীমান্তৰ পশ্চিম অংশৰ গালৱান উপত্যকা দীৰ্ঘ দিন ধৰি চীনৰ সেনাই তহলদাৰী কৰি আহিছে।

বিগত এপ্ৰিল মাহৰ পৰা ভাৰতীয় সৈন্যই গালৱান উপত্যকাৰ নিয়ন্ত্ৰণ ৰেখাত একপক্ষীয়ভাৱে ৰাস্তা ঘাট আৰু দলং আদি নিৰ্মাণ কৰিছিল বুলি দাবী কৰি বিবৃতিটোত কোৱা হৈছে যে চীনে ইয়াৰ প্ৰতিবাদ কৰাৰ পিছতো একো ফল নধৰিল।

চীন বৈদেশিক মন্ত্ৰালয়ে আৰু দাবী কৰিছে যে, যোৱা ৬ মে’ত ভাৰতীয় সেনাই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি চীনৰ ভূখণ্ডত প্ৰৱেশ কৰি তাত বেৰিকেড নিৰ্মাণ কৰাৰ লগতে ঘাটি স্থাপন কৰিছিল।

চীনৰ ভূখণ্ডত ভাৰতীয় সেনাই ঘাটি স্থাপন কৰাৰ ফলত সীমান্তৰ নিয়্ন্ত্ৰণ ৰেখাত চীনা সৈন্যই তহল দিয়াত বাধাৰ সন্মুখীন হয়।

যাৰ ফলত এলেকাটোত নিয়ন্ত্ৰণ বজায় ৰখাৰ স্বাৰ্থত ‘প্ৰয়োজনীয় পদক্ষেপ’ গ্ৰহণ কৰিবলৈ চীনা সৈন্য বাধ্য হৈ পৰে বুলি চীনৰ বৈদেশিক মন্ত্ৰালয়ে দাবী কৰিছে।

বিবৃতিটোত আনকি এই বুলিও দাবী কৰা হৈছে যে সীমান্তৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে চীনে ভাৰতৰ সৈতে সামৰিক আৰু কূটনৈতিক স্তৰত যোগাযোগ ৰক্ষা কৰি চলিছিল।

চীনে তীব্ৰ প্ৰতিবাদ কৰাৰ ফলতে ভাৰতে চীনৰ ভূখণ্ডৰ পৰা নিজৰ সৈন্য বাহিনী প্ৰত্যাহাৰ কৰিছিল।

বিবৃতিটোত সোমবাৰে নিশা ভাৰতীয় সেনাই চীনৰ ভূখণ্ডত প্ৰৱেশ কৰি চীনা সৈন্যৰ ওপৰত আক্ৰমণ কৰাৰ বাবেহে দুই পক্ষৰ মাজত ৰক্তক্ষয় সংঘৰ্ষৰ হোৱা বুলি কোৱা হৈছে।

চীনৰ দাবী যে ভাৰতীয় সেনাৰ অনিয়ন্ত্ৰিত আচৰণৰ বাবে সীমান্তৰ পৰিস্থিৰ অৱনতি ঘটিছে।

ভাৰতে দুই দেশৰ মাজত থকা দ্বিপাক্ষিক বুজাবুজি আৰু চুক্তি ভংগ কৰিছে বুলিও গুৰুতৰ অভিযোগ কৰিছে চীনে।

উল্লেখ্য যে, চীনৰ এই দাবী আৰু দেশখনৰ বৈদেশিক মন্ত্ৰালয়ে বিবৃতিৰ যোগেদি উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ ভাৰতে পৰৱৰ্তী সময়ত কেনেদৰে দিয়ে সেয়া লক্ষণীয় হ’ব।

Related News