NORTHEAST NOW (Assamese)
Popular Stories

কেৱল ভুৱা দূতাবাস নহয়, প্ৰৱঞ্চক হৰ্ষবৰ্ধন জৈনে প্ৰতিষ্ঠা কৰিছিল ভুৱা ‘ইষ্ট ইণ্ডিয়া কোম্পানী’ও!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 25, 2025 8:35 am

গাজিয়াবাদত চলা ভুৱা দূতাবাস অভিযানৰ আঁৰৰ কথিত মাষ্টাৰমাইণ্ড হৰ্ষবৰ্ধন জৈনৰ তদন্তত নতুন সবিশেষ উন্মোচন কৰিছে উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফৰ্চে।

এছটিএফৰ মতে, হৰ্ষবৰ্ধন জৈনে ব্ৰিটেইন, মৰিচাছ, ডুবাই, আফ্ৰিকান দেশসমূহকে ধৰি বিদেশত  কেইবাটাও ভুৱা কোম্পানী স্থাপন কৰিছিল, তাৰ ভিতৰত আছিল ইষ্ট ইণ্ডিয়া কোম্পানী ইউ কে লিমিটেড আদি অন্যতম।

জৈনৰ নামত পঞ্জীয়ন হোৱা আন কোম্পানীসমূহৰ ভিতৰত আছে: ষ্টেট ট্ৰেডিং কৰ্পৰেশ্যন, আইলেণ্ড জেনেৰেল ট্ৰেডিং কো এল এল চি (ডুবাই), ইন্দিৰা অভাৰচিজ লিমিটেড (মৰিচাছ), আৰু কেমেৰন ইছপাট ছাৰ্ল (আফ্ৰিকা)। এই কোম্পানীসমূহ ধন সৰবৰাহ আৰু প্ৰৱঞ্চনামূলক কামত ব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছে।

জেৰাৰ সময়ত জৈনে এছটিএফৰ বিষয়াসকলক জনোৱা বুলি জানিব পৰা গৈছে যে তেওঁ বিতৰ্কিত গডমেন চন্দ্ৰস্বামীৰ ঘনিষ্ঠ সহায়ক এহছান আলী চৈয়দৰ নিৰ্দেশনা অনুসৰি কাম কৰিছিল। মূলতঃ হায়দৰাবাদৰ আৰু বৰ্তমান তুৰ্কী নাগৰিকত্ব লাভ কৰা এহছানে লণ্ডনত থাকি জৈনক একাধিক শ্বেল কোম্পানী স্থাপন কৰাত সহায় কৰিছিল। এই প্ৰতিষ্ঠানসমূহক হাৱালাৰ লেনদেন আৰু বৃহৎ পৰিসৰৰ বিত্তীয় জালিয়াতিৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলি জানিব পৰা গৈছে।

এছটিএফে বিচাৰি উলিয়াইছে যে ২০০৮ চনৰ পৰা ২০১১ চনৰ ভিতৰত এহছান আৰু তেওঁৰ দলটোৱে প্ৰায় ৭ কোটি পাউণ্ডৰ ভুৱা ঋণ লাভ কৰিছিল আৰু পলায়নৰ পূৰ্বে কমিচন হিচাপে প্ৰায় ২.৫ কোটি পাউণ্ড সংগ্ৰহ কৰিছিল। ২০২২ চনত চুইজাৰলেণ্ড চৰকাৰৰ অনুৰোধত লণ্ডন আৰক্ষীয়ে এহছানক গ্ৰেপ্তাৰ কৰে। ২০২৩ চনত লণ্ডনৰ আদালতে তেওঁক ছুইজাৰলেণ্ডলৈ প্ৰত্যাৰ্পণ কৰিবলৈ অনুমোদন জনায়। বৰ্তমান এছটিএফে এহছানৰ নেটৱৰ্কত হৰ্ষবৰ্ধন জৈনৰ ভূমিকা সম্পৰ্কে তদন্ত কৰি আছে।

জৈনৰ পৰা উদ্ধাৰ হোৱা নথি-পত্ৰৰ ভিত্তিত কৰ্তৃপক্ষই তেওঁৰ নামত ভাৰত আৰু বিদেশৰ একাধিক বেংক একাউণ্ট আৱিষ্কাৰ কৰিছে। চলি থকা তদন্তৰ অংশ হিচাপে এতিয়া এই একাউণ্টসমূহ তদাৰক কৰা হৈছে।

কবি নগৰ থানাত হৰ্ষবৰ্ধন জৈনৰ বিৰুদ্ধে আইপিচিৰ ৩১৮(৪), ৩৩৬(৩), ৩৩৮, আৰু ৩৪০ ধাৰাকে ধৰি কেইবাটাও ধাৰাত এফআইআৰ ৰুজু কৰা হৈছে। এতিয়া এছটিএফে অধিক সোধা-পোছাৰ বাবে জৈনৰ জিম্মা লাভৰ কাম কৰিছে।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফৰ্চে বৃহস্পতিবাৰে গাজিয়াবাদৰ কবি নগৰ অঞ্চলত এটা আড়ম্বৰপূৰ্ণ বাংলোৰ পৰা চলি থকা ভুৱা দূতাবাসৰ অভিযান বন্ধ কৰি দিয়ে। ইয়াত গ্ৰেপ্তাৰ হোৱা মাষ্টাৰমাইণ্ড ৪৭ বছৰীয়া হৰ্ষবৰ্ধন জৈনে নিজকে এটা নহয়, কেইবাটাও স্বঘোষিত মাইক্ৰনেচন – ৱেষ্টাৰ্কটিকা, চেবৰ্গা, পলভিয়া, আৰু লাডনিয়াৰ ৰাষ্ট্ৰদূত হিচাপে উপস্থাপন কৰিছিল।

কূটনৈতিক নম্বৰ সন্নিৱিষ্ট বিলাসী গাড়ী, জাল নথি-পত্ৰ, ভুৱা বিদেশী সংযোগ আদিকে ধৰি তেওঁৰ এই কৌশলৰ দ্বাৰা কোম্পানী আৰু ব্যক্তিক চাকৰি, বহিঃৰাজ্যৰ চুক্তি আৰু ব্যৱসায়ৰ প্ৰস্তাৱ দি প্ৰতাৰণা কৰা হৈছিল, যাৰ বিনিময়ত জৈনে ডাঙৰ কমিছন লাভ কৰিছিল।