NORTHEAST NOW (Assamese)

মঙলদৈত উৰুকাৰ বজাৰ কৰিব গৈ পথ দুৰ্ঘটনাত মৃত্যু শিক্ষয়িত্ৰীৰ

January 13, 2020 6:11 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ভোগালী বিহুৰ প্ৰস্তুতিৰ আনন্দৰ মাজতে মঙলদৈত চহৰত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী শিক্ষয়ত্ৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে।

দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা শিক্ষয়্ত্ৰী গৰাকী মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত চমুৱাপাৰা গাঁৱৰ পুৰ্ণিমা ডেকা(৫০)বুলি চিনাক্ত কৰা হয়।

পুৰ্ণিমা ডেকাই দেওগাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষয়ত্ৰী হিচাপে কৰ্মৰত আছিল।

সোমবাৰে দুপৰীয়া মঙলদৈ চহৰৰ ভূপেন হাজৰিকা সোঁৱৰণি উদ্যানৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে, শিক্ষয়িত্ৰীগৰাকীয়ে উঠি অহা এ এছ জে-৬৮৫২ নম্বৰৰ স্কুটিখনত সেনাবাহিনীৰ কনভয়ৰ এখন গাড়ীয়ে খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত স্কুটিখন চলাই অহা শিক্ষয়িত্ৰীগৰাকীৰ সম্বন্ধীয় ব্যক্তি গৰাকী আঘাতপ্ৰাপ্ত হয় যদিও পাছফালে উঠি অহা পুৰ্ণিমা ডেকাই মৃত্যুক সাবতিবলগীয়া হয়।

দুয়ো উৰুকাৰ বাবে বজাৰ কৰি ঘৰলৈ উভতি আহি থকাৰ সময়তে দুৰ্ঘটনাৰ সন্মুখিন হয়।

আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা সেনা বাহিনীৰ বাহনখন জব্দ কৰিছে।

Related News