NORTHEAST NOW (Assamese)
অৰুণাচল

উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটনৰ নতুন ব্ৰেণ্ড-‘লাহে লাহে’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 10, 2019 5:33 pm
northeast

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰগতিৰ অভাৱৰ বাবে ইয়াৰ জীৱন যাত্ৰাক প্ৰায়েই ‘লাহে লাহে’ চলা বুলি অভিহিত কৰা হয়।

ইয়াৰ মাজতেই এগৰাকী পৰ্যটন উদ্যোগীয়ে কিছুসময়ৰ বাবে কামৰচাপৰ পৰা অৱসৰ বিচৰা চাপগ্ৰস্ত, অত্যধিক কৰ্মব্যস্ত কাৰ্যবাহী তথা বিজনেছ মেনেজাৰসকলৰ বাবে ‘লাহে লাহে’ পেকেজ এটা আগবঢ়াব বিচাৰিছে।

অভ্ৰ ভট্টাচাৰ্যৰ বিচক্ষণ যাত্ৰাই অৰুণাচল প্ৰদেশৰ সুদূৰ অনিনিত বৰ্তমান এটা সমূহীয়াভাৱে পৰিচালিত পৰ্যটন ৰিছৰ্ট স্থাপন কৰিছে য’ত ‘লাহে লাহে’ পেকেজৰ জৰিয়তে চাপগ্ৰস্ত, অত্যধিক কৰ্মব্যস্ত কাৰ্যবাহী তথা বিজনেছ মেনেজাৰসকলক এটা সপ্তাহ বা এপষেকৰ বাবে সম্পূৰ্ণ জিৰণিৰ লগতে প্ৰকৃতিৰ নিৰ্ভাৰ সৌন্দৰ্যৰ মাজত অৱসৰ বিনোদনৰ সুযোগ আগবঢ়োৱা হৈছে।

lahe-lahe
অভ্ৰ ভট্টাচাৰ্য।

অনিনি ৰিছৰ্টখন স্থানীয় সম্প্ৰদায়ে সুলভ সা-সম্পদেৰে সাজি উলিওৱা এটা আৰ্হি প্ৰকল্প। অভ্ৰৰ কোম্পানীয়ে ডিজাইনৰ নিৰ্দেশনা আগবঢ়াইছে আৰু ই সম্পূৰ্ণ হৈ উঠাৰ পাছত ইয়াক চলোৱাৰ দায়িত্ব লৈছে।

ইয়াৰ আয় তেওঁৰ কোম্পানী আৰু স্থানীয় জনজাতি সম্প্ৰদায়ৰ মাজত ভাগ হ’ব। একমাত্ৰ স্থানীয়ভাৱে প্ৰস্তুত সুৰা আৰু জৈৱিক খাদ্যহে পৰ্যটকসকলৰ বাবে ব্যৱহাৰ কৰা হ’ব।

‘’ এই আৰ্হিটোৱে যদি কাম কৰে, নাগালেণ্ড, মিজোৰামৰ দৰে উত্তৰ-পূবৰ যিকোনো ঠাইত এনেধৰণৰ ৰিছৰ্ট স্থাপনৰ মোৰ পৰিকল্পনা আছে। অঞ্চলটোত উদ্যোগীৰ অভাৱৰ বাবে ভাৰতীয় ব্যৱসায়ীসকলে স্থানীয় জনজাতীয় ৰীতি আৰু নীতিক দোষাৰোপ কৰে কিন্তু যদি এটা কোম্পানীয়ে জনগোষ্ঠীটোক এক ব্যৱসায়িক পাৰ্টনাৰ হিচাপে লৈ যৌথ প্ৰকল্প গ্ৰহণ কৰে তাত কোনো সমস্যা নাই,’’-নৰ্থইষ্ট নাওৰ আগত অভ্ৰই এইদৰে কয়।

ভট্টাচাৰ্যৰ বি বি চি, নেশ্যনেল জিঅ’গ্ৰাফিক আৰু এনিমেল প্লেনেটৰ দৰে আগশাৰীৰ টিভি চেনেলৰ বাবে এগৰাকী প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ গৱেষক হিচাপে অঞ্চলটোৰ সম্পৰ্কত এক সুদীৰ্ঘ অভিজ্ঞতা আছে।