NORTHEAST NOW (Assamese)
অসম

খোল-তাল, উৰুলি আৰু হৰিধ্বনিৰে জয়সাগৰ শ্ৰীকৃষ্ণ ৰাসলীলাৰ মণ্ডপৰ লাইখুটা স্থাপন

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ October 19, 2019 6:42 am
IMG-20191018-WA0040

বিগত বৰ্ষৰ দৰে এই বৰ্ষতো জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু জয়সাগৰৰ ৩০ খন গাঁৱৰ ৰাইজৰ সহযোগত অহা ১২ আৰু ১৩ নৱেম্বৰত ঐতিহাসিক জয়সাগৰৰ পৰাগধৰ চলিহা ষ্টেডিয়ামত বৰ্ণাট্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।

এই উদ্দেশ্য শুকুৰবাৰে জয়সাগৰৰ পৰাগধৰ চলিহা ষ্টেডিয়ামত দুই শতাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত খোল-তাল, উৰুলি আৰু হৰিধ্বনিৰে মুখৰিত এক মাংগলিক পৰিৱেশৰ মাজত ৰাস মণ্ডপ আৰু অস্থায়ী নামঘৰৰ লাইখুটা স্থাপন কৰা হয়।

ৰাস মণ্ডপৰ লাইখুটা স্থাপন কৰে ডিমৌ আদৰ্শ চিকিৎসালয়ৰ উপ অধীক্ষক ৰূপম জ্যোতি বৰকাকতিয়ে।

লাইখুটা স্থাপন কৰি তেওঁ কয় যে শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপনে সমাজত গঢ় লৈ উঠা অশুভ শক্তিসমুহক নাশ কৰি এক আধ্যাত্মিক আৰু সুস্থ সামাজিক বাতাবৰণ সৃষ্টি কৰে।

তেওঁ লগতে ই নৱপ্ৰজন্মক উশৃংখলতাৰ বিপৰীতে আধ্যাত্মিক দিশে অগ্ৰসৰ হ’বলৈ মনোবল বৃদ্ধি কৰে বুলি মন্তব্য কৰে।

আনহাতে, অস্থায়ী নামঘৰৰ লাইখুটা স্থাপন কৰে শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰফুল্ল চন্দ্ৰ কলিতাই।

উদযাপন সমিতিৰ যুটীয়া সম্পাদক ৰুবুল ভূঞা আৰু জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰৰ সম্পাদক আনন্দ কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী আতুল দত্তই।

উদযাপন সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ বৰাই উপস্থিত ৰাইজক ধন্যবাদ জনোৱাৰ লগতে সকলোৰে সহায় সহযোগিতা, দিহা-পৰামৰ্শ বিচাৰে।