NORTHEAST NOW (Assamese)
অসম

NEET পৰীক্ষাৰ তাৰিখ ঘোষণা শিক্ষা মন্ত্ৰ্যালয়ৰ; কেতিয়াৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 13, 2021 10:08 am
WhatsApp-Image-2020-08-21-at-12.08.13-PM-750x375

কোভিড পৰিস্থিতিৰ বাবে সমগ্ৰ দেশতে স্থৱিৰ হৈ পৰিছে শিক্ষা ব্যৱস্থা। স্কুল-কলেজৰ পৰা বিশ্ববিদ্যালয়লৈকে এতিয়া তলাবন্ধ।বাতিলো কৰা হৈছে একাধিক পৰীক্ষা।

এনে পৰিস্থিতিৰ মাজতে কোভিড অতিমাৰীক কাটি কৰি থৈ শিক্ষা ব্যৱস্থাক গতি দিবলৈ বদ্ধ পৰিকৰ হৈছে নতুন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান।

এই লক্ষ্য আগত ৰাখিয়েই সোমবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ে নীট স্নাতক পৰ্যায়ৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰে।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ে ঘোষণা কৰা অনুসৰি অহা ১২ ছেপ্টেম্বৰৰ পৰা নীট স্নাতক পৰ্যায়ৰ পৰীক্ষা আৰম্ভ হ’ব।

পূৰ্বে ১আগষ্টৰ পৰা পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল যদিও বিভিন্ন কাৰণত সেয়া পিছুৱাই দিয়া হৈছে।

পৰীক্ষাৰ বাবে আবেদন প্ৰক্ৰিয়া ১৩ জুলাইৰ বিয়লি ৫বজাৰ পৰা আৰম্ভ হ’ব।

সোমবাৰে মন্ত্ৰ্যালয়ৰ উচ্চ পদস্থ বিষয়াসকল তথা ৰাজ্য মন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বৈঠকত বহাৰ পাছতে তেওঁ পৰীক্ষাৰ কথা ঘোষণা কৰে।

আনহাতে, পৰীক্ষাৰ বাবে নিয়ম-নীতিসমূহো ঘোষণা কৰা হৈছে। সেই অনুসৰি

  • পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে ১৩ জুলাইৰ বিয়লি ৫বজাৰ পৰা NTAৰ ৱেবছাইটত আবেদন কৰিব পাৰিব।
  • পৰীক্ষাত শাৰীৰিক দূৰত্ব বিধিকে ধৰি আন কোভিড নিৰ্দেশনাসমূহত কঠোৰ দৃষ্টি দিয়া হৈছে।
  • ভিৰ হ্ৰাস কৰাৰ বাবে এইবাৰ ১৫৫টাৰ সলনি ১৯৮খন চহৰত এই পৰীক্ষা অনুষ্ঠিত হ’ব। সেইদৰে পৰীক্ষা কেন্দ্ৰও বৃদ্ধি পাব।
  • পৰীক্ষা কেন্দ্ৰত সকলো পৰীক্ষাৰ্থীকে মাস্ক দিয়া হ’ব।
  • সমাগম এৰাই চলিবলৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰা প্ৰস্থানৰ সময়ো পৃথক কৰা হৈছে।
  • পৰীক্ষা হলত পঞ্জীয়নো হ’ব স্পৰ্শহীন। ছেনিটাইজাৰৰ ব্যৱস্থা থাকিব। পৰীক্ষাৰ পূৰ্বে আৰু পাছত আচবাব পত্ৰকে ধৰি গোটেই পৰীক্ষা কেন্দ্ৰকে ছেনিটাইজ কৰা হ’ব।
  • পৰীক্ষা কেন্দ্ৰত ডাঙৰ খোলা খিৰিকি তথা বৈদ্যুতিক পংখা থকাটো বাধ্যতামূলক কৰা হৈছে।