NORTHEAST NOW (Assamese)

টীয়কৰ লাহদৈগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুখন মটৰচাইকেলসহ ৫ টা চোৰ

August 25, 2020 4:13 pm · নীৰ্মলেন্দু পাঠক

ক’ৰ’নাতংকৰ প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা লকডাউন আৰু আনলকৰ মাজতো চোৰৰ টিঘিলঘিলনি কমা নাই।

বৰং ইয়াৰ সুযোগত চোৰে নিৰ্ভয়ে চলাই গৈছে চুৰি কাৰ্য। এই চুৰি কাৰ্য সংঘটিত কৰিয়ে যোৰাহাট জিলাৰ টীয়কত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে পাঁচটাকৈ চোৰ।

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত লাহদৈগড় আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এখন স্কুটি ( AS-03S-4562 ) আৰু এখন পালচাৰ ( AS- 03-AB-3944) বাইকসহ ৫ জনকৈ চোৰ কালি সন্ধিয়া কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে চটাইৰ এখন ধাবাৰ সন্মুখৰ পৰা চুৰি হোৱা  স্কুটিখন যোৰহাটৰ ম’হবন্ধাৰ পৰা উদ্ধাৰ কৰা হয়l

আনহাতে চেনিজান পহুগঁড়ৰ পৰা চুৰি হোৱা পালচাৰ মটৰচাইকেল খন চেনিজান পহুগড়ৰ পৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।

দুটা পৃথক পৃথক অভিযানত আৰক্ষীয়ে ক্ৰমে যাদৱ শইকীয়া (তিতাবৰ), পবিত্ৰ দাস, প্ৰশান্ত দাস (যোৰহাট দিগম্বৰ চুক), ৰোহন ভূঞা (পুলিবৰ) আৰু সত্য তাঁতী ( ম’হবন্ধা) নামৰ ৫ টা চোৰক গ্ৰেপ্তাৰ কৰে।

পবিত্ৰ দাস আৰু প্ৰশান্ত দাস দিগম্বৰ চুকত থাকে যদিও তেওঁলোকৰ ঘৰ গোলাঘাটত বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Related News