NORTHEAST NOW (Assamese)
দেশ

লখিমপুৰ খেৰী হত্যাকাণ্ড: ন্যায়িক দণ্ডাধীশৰ আদালতত আত্মসমৰ্পণ মুল অভিযুক্ত আশীষ মিশ্ৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 24, 2022 5:41 pm
Lakhimpur Kheri violence

যোৱা বৰ্ষৰ ৩ অক্টোবৰত সংঘটিত লখিমপুৰ খেৰী হত্যাকাণ্ড গোচৰৰ মূল অভিযুক্ত আশীষ মিশ্ৰই আজি ন্যায়িক দণ্ডাধীশৰ আদালতত আত্মসমৰ্পণ কৰে।

কাৰাগাৰৰ বিষয়াসকলৰ মতে, আশীষ মিশ্ৰই আবেলি ৩.২৫ বজাত লখিমপুৰ খেৰী জিলা কাৰাগাৰত উপস্থিত হয়। মিশ্ৰৰ উপস্থিতিৰ বাবে অঞ্চলটোত প্ৰচুৰ আৰক্ষী মোতায়েন কৰা হৈছে।

উল্লেখ্য যে ১৮ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে আশীষ মিশ্ৰৰ জামিন বাতিল কৰি এসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল।

এক শুনানিৰ সময়ত, শীৰ্ষ আদালতে মিশ্ৰাক জামিন প্ৰদান কৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশ বাতিল কৰি উচ্চ ন্যায়ালয়ে ইয়াৰ অধিকাৰ ক্ষেত্ৰ অতিক্ৰম কৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰই ২০২১ চনৰ ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰী অঞ্চলত গাড়ীৰে মহতীয়াই ৪ জন প্ৰতিবাদকাৰী কৃষকক হত্যা কৰিছিল বুলি অভিযোগ কৰা হৈছিল।

উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত মিশ্ৰক ৯ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল যদিও চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল।

এলাহাবাদ উচ্ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে খেৰীত নিহত কৃষক সকলৰ পৰিয়ালে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।