NORTHEAST NOW (Assamese)
অসম

লখিমপুৰত মানুহৰ লাওখোলাসহ তিনিজন লোক গ্ৰেপ্তাৰ : ডাইনীবিদ্যা অনুশীলনৰ সন্দেহ আৰক্ষীৰ

August 21, 2018 6:33 pm
16365078410_e64363a61e_z-600x338

অৰুণাচল-অসম সীমান্তত মানুহৰ লাওখোলাসহ তিনিজন লোক লখিমপুৰ আৰক্ষীৰ হাতত ধৰা পৰা ঘটনাক  কেন্দ্র কৰি  অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা লোক তিনিজন হৈছে য়ুবো হেমব্ৰম, উজগাৰ আৰু উৰেদ মিনজ। লখিমপুৰ জিলাৰ কিমিন টাউনৰ বুধবৰীয়া বজাৰত চিলনীবাৰী আৰক্ষী চকীৰ আৰক্ষীৰ এটা তালাচী গোটে চলোৱা নিয়মীয়া তালাচীৰ সময়ত লোক তিনিজনক এটা লাওখোলাৰে সৈতে গ্ৰেপ্তাৰ কৰে। উক্ত লাওখোলাটো হাৰমতীৰ বাসিন্দা  নিতুল হামব্ৰমৰ বুলি ঠাৱৰ কৰা হৈছে।

গ্ৰেপ্তাৰ হোৱা লোক তিনিজনে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে যে অৰুণাচল প্ৰদেশত কেইদিন মান পূৰ্বে মৃত অৱস্থাত পোৱা নিতুলৰ খৃষ্টিয়ান ধৰ্ম অনুসাৰে অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ বাবে তেওঁৰ মূৰটো কাটি অনা হৈছিল।

কিন্তু আৰক্ষীয়ে সন্দেহ কৰিছে যে ডাইনীবিদ্যা আৰু যাদুবিদ্যা অনুশীলন কৰাৰ উদ্দেশ্য এই লাওখোলাটো সংগ্ৰহ কৰা হৈছে। উল্লেখ্য যে লখিমপুৰ জিলাৰ ভিতৰুৱা এলেকাসমূহত ডাইনী আৰু যাদুবিদ্যাৰ অনুশীলন প্ৰায়েই কৰি অহা হয়।

ঘাইকৈ আধুনিক চিকিৎসা সেৱা আৰু আইনৰ গণ্ডীৰ পৰা বহু দূৰত অৱস্থান কৰা বাবে এই স্থান সমূহত এনে ধৰণৰ অন্ধ-বিশ্বাসে গা কৰি উঠিছে।