NORTHEAST NOW (Assamese)

ধনী ভিক্ষাৰী! মহিলা ভিক্ষাৰীৰ বেংক একাউন্টত ওলাইছে লাখ লাখ টকা; ৰহস্যটোনো কি?

February 5, 2022 10:21 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগৃহিত।

বাটৰুৱাই অসহায় বুলি ভাবি ভিক্ষা দি যোৱা এগৰাকী মহিলাই দিলে এক নতুন শিক্ষা! দয়া উপজি মানুহে দান কৰা এই মহিলা ভিক্ষাৰীৰ বেংক একাউন্টত ওলাল লাখ লাখ টকা। এই ঘটনা মধ্যপ্ৰদেশৰ খাণ্ডোৱাৰৰ।

খাণ্ডোৱাৰৰ কাতোৱালি থানাৰ আশে পাশে ঘুৰি ফুৰা সেই মহিলা ভিক্ষাৰীগৰাকী যে আচলতে সমৃদ্ধিশালী সেয়া পোহৰলৈ অহাৰ পাছত স্বাভাৱিকতে আলোড়নৰ সৃষ্টি হৈছে।

মহিলাগৰাকীয়ে দেখাত শীৰ্ণ, ফটাছিঙা কাপোৰ পৰিধান কৰাৰ লগতে আউল-বাউল চুলি। প্ৰতিদিনে ভিক্ষা বিচাৰি ওলাই আহি গোটেই দিন ভিক্ষা খুজি নিশা থানাৰ কাষতে থকা এখন পৰিত্যক্ত ট্ৰেকাৰৰ তলত বিচনা পাৰি শুই পৰে।

লগতে পঢ়ক: জুকাৰবাৰ্গৰ বেয়া দিন! ধনীৰ তালিকাত তেওঁক অতিক্ৰমি আগবাঢ়িল আদানি আৰু আম্বানি

বাতৰি অনুসৰি, মহিলাগৰাকীৰ নাম শীলা যোশী। এসময়ত তেওঁ খাণ্ডোৱাৰ বিএছএনএলৰ বিষয়া আছিল। ২০০৫চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।

শীলাৰ বেংক একাউন্টত প্ৰায় চাৰে সাত লাখ টকা আছে। লগতে আছে আন বহু সম্পত্তিও। তথাপি কিয় এনেদৰে ভিক্ষা কৰি দিন কটাইছে?

শেহতীয়াকৈ মহিলাগৰাকীৰ পুত্ৰ অৰবিন্দই মাতৃৰ সন্ধান লাভ কৰি খাণ্ডোৱাৰলৈ আহে। তেওঁ জানিবলৈ দিয়া মতে তেওঁ মাতৃ মানসিকভাৱে অসুস্থ। এইকথা জনাৰ পাছতে স্থানীয় লোকৰ মাজত বিস্ময়ৰ সৃষ্টি হয়।  

Related News