NORTHEAST NOW (Assamese)
Popular Stories

বিহাৰৰ পশুখাদ্য কেলেংকাৰি : অৱশেষত জামিন লাভ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 17, 2021 2:58 pm
index.jpg

অৱশেষত মুকলি আকাশৰ তললৈ অহাটো নিশ্চিত হ’ল ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা বিহাৰৰ কাৰাৰুদ্ধ কাৰাৰুদ্ধ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ।

লালু প্ৰসাদ যাদৱে পশু খাদ্য কেলেংকাৰিৰ অন্তিমটো গোচৰত শনিবাৰে জামিন লাভ কৰিছে।

‘দুমকা টেজাৰীৰ কেচ’ নামেৰে জনাজাত গোচৰত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক শনিবাৰে জামিন প্ৰদান কৰিছে।

উল্লেখ্য যে লালু প্ৰসাদ যাদৱে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত তেতিয়াৰ বিহাৰৰ অন্তৰ্গত ঝাৰখণ্ডৰ দুমকা কোষাগাৰৰ পৰা পশু খাদ্যৰ নামত ৩.১৩ কোটি পুঁজি  নিয়ম বৰ্হিভূতভাৱে মুকলাই নিয়াৰ গোচৰত অভিযুক্ত হৈ কাৰাৰুদ্ধ হৈ আছে।

অৱশ্যে স্বাস্থ্যৰ অৱনতিৰ বাবে বৰ্তমান দিল্লীস্থ সৰ্বভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠান(AIIMS) চিকিৎসাধীন হৈ থকা লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে পশুখাদ্য কেলেংকাৰিৰ মুঠ চাৰিটা গোচৰ বিচাৰাধীন হৈ আছে আৰু ইয়াৰে তিনিটা গোচৰত পূৰ্বতে জামিন লাভ কৰিছিল। কেৱল দুমকা টেজাৰীৰ গোচৰত জামিন লাভ নকৰাৰ বাবেই লালু প্ৰসাদ যাৱদ কাৰাৰুদ্ধ হৈ আছিল।

ন্যায়াধীশ অপৰেশ কুমাৰ সিঙে জামিন শুনানিত কয় যে আৰজেডিৰ নেতা লালু প্ৰসাদ যাদৱে জামিনকালীন অৱস্থাত অনুমতি অবিহনে দেশ এৰিব যাব নোৱাৰিব আৰু এই সময়ছোৱাত তেওঁৰ ঠিকনা আৰু মোবাইল নম্বৰো সলনি কৰিব নোৱাৰিব।

উল্লেখ্য যে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ লালু প্ৰসাদ যাদৱে বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত বিহাৰৰ পশুপালন বিভাগে দুমকা কোষাগাৰৰ পৰা নিয়ম বৰ্হিভূতভাৱে পুঁজি মুকলাই নিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে। এই কেলেংকাৰিত বিহাৰৰ তদান্তীন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ নামো সাঙুৰ খাই আছে।

ইফালে যোৱা অক্টোবৰত লালু প্ৰসাদ যাদৱক পশুখাদ্যৰ কেলেংকাৰিৰ চাইবচা কোষাগাৰৰ গোচৰত জামিন প্ৰদান কৰা হৈছিল।

উল্লেখ্য যে ২০১৭ চনৰ ডিচেম্বৰৰ পৰা পশুখাদ্যৰ কেলংকাৰিত অভিযুক্ত হৈ কাৰাৰুদ্ধ হৈ থকা ৭২ বছৰীয়া লালু প্ৰসাদ যাদৱে কাৰাবাসৰ বেছিভাগ সময় স্বাস্থ্যজনিত কাৰণত ঝাৰখণ্ডৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ চিকিৎসালয়ত অতিবাহিত কৰিছিল।

স্বাস্থ্যৰ অধিক অৱনতি হোৱাত চলিত বৰ্ষৰ জানুৱাৰীত দিল্লীৰ AIIMSত ভৰ্তি কৰোৱা হয় বৰ্ষীয়ান ৰাজনৈতিক নেতাগৰাকীক।

লালু প্ৰসাদ যাদৱৰ অবৰ্তমানত ৰাষ্ট্ৰীয় জনতা দলৰ নেতৃত্ব তেওঁৰ কণিষ্ঠ পুত্ৰ তেজস্বী যাদৱে লয়। লালুৰ অনুপস্থিতিৰ স্বত্বেও পুত্ৰ তেজস্বী যাদৱে বিহাৰ বিধানসভাৰ যোৱা নিৰ্বাচনত আৰজেডিক বৃহত্তম দলৰূপে প্ৰতিষ্ঠা কৰিছিল।

“আমি নিশ্চিত আছিলো যে আমি ন্যায় পাম। লালুজীয়ে তেওঁৰ আধা শাস্তি ভোগ কৰিছে, উচ্চ ন্যায়ালয়ে তেওঁক সেই ভিত্তিত জামিন প্ৰদান কৰিছে। আমি উচ্চ ন্যায়ালয়ক ধন্যবাদ জনাইছো। তেওঁ এইমছত ভৰ্তি হৈ আছে। আমি সুখী যে তেওঁ জামিন পাইছে, কিন্তু আমি তেওঁৰ স্বাস্থ্যৰ বিষয়েহে চিন্তিত।” জামিন লাভ কৰাৰ পিছত লালুৰ পুত্ৰ তথা আৰজেডিৰ নেতা তেজস্বী যাদৱে কয়।