NORTHEAST NOW (Assamese)
অসম

Lancet study কোভিডত আক্ৰান্ত ৪৬ শতাংশ শিশুৱে দুমাহলৈ দেখুৱাই থাকে কোভিডৰ লক্ষণঃ লেঞ্চেটৰ অধ্যয়ন

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী June 23, 2022 10:59 am

কোভিডৰ পৰা মুক্ত হোৱাৰ পিছতো বহু শিশুৱে প্ৰায় দুমাহলৈ কোভিডৰ লক্ষণ দেখুৱাই থাকে। শেহতীয়াকৈ দ্য লেঞ্চেট চাইল্ড এণ্ড এডলচেণ্ট হেল্থ জাৰ্নেলত প্ৰকাশিত এক অধ্যয়ন অনুসৰি কোভিডত সংক্ৰমিত শিশুৱে কমেও দুমাহ স্থায়ী দীঘলীয়া কোভিডৰ লক্ষণ দেখুৱাব পাৰে।

০-১৪ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত এনে কোভিডৰ লক্ষণৰ ধৰা পৰাৰ কথা অধ্যয়নটোত প্ৰকাশ পাইছে। ডেনমাৰ্কত শিশুৰ ক্ষেত্ৰত এই অধ্যয়ন চলোৱা হৈছিল ডেনমাৰ্কৰ কোপেনহেগেন বিশ্ববিদ্যালয় চিকিৎসালয়ৰ অধ্যাপক চেলিনা কিকেনবৰ্গ বাৰ্গৰ নেতৃত্বত চলোৱা অধ্যয়নটোত এই কথা স্পষ্ট হৈছে যে শিশুসকলৰ ক্ষেত্ৰত কোভিডৰ প্ৰভাৱ বহু দিনলৈ ৰৈ যায়।

সকলো শিশুৰ ওপৰত মহামাৰীৰ দীৰ্ঘম্যাদী প্ৰভাৱৰ বিষয়ে অধিক গৱেষণা কৰাটো উচিৎ বুলি গৱেষকে গৰাকীয়ে কয়।অধ্যয়নটোত, জানুৱাৰী ২০২০ ৰ পৰা জুলাইৰ ভিতৰত কোভিড-১৯ৰ ইতিবাচক পৰীক্ষা কৰা ০-১৪ বছৰৰ ভিতৰৰ প্ৰায় ৩৩,০০০ শিশুক সামৰি লোৱা হৈছিল।তেওঁলোকৰ মাজৰে ১১ হাজাৰ শিশুৰ দেহত কোভিডৰ পৰা মুক্ত হোৱাৰ পিছতো দুমাহলৈ কোভিডৰ লক্ষণ থকা দেখা গৈছিল।

অধ্যয়নটোত প্ৰকাশ পোৱা মতে ৪-১১ বছৰ বয়সৰ ভিতৰৰ কোভিডৰ পৰা মুক্ত হোৱা শিশুৱে কেতবোৰ লক্ষণবোৰ যেনে মেজাজ সলনি হোৱা, মনত ৰখা বা মনোযোগ দিয়াত সমস্যা, ছালত চোকোৰা বন্ধা আদি লক্ষণত ভুগিছিল।১২-১৪ বছৰ বয়সৰ ভিতৰৰ শিশুসকলে ভাগৰ লগা, মেজাজ সলনি হোৱা, মনত ৰখা বা মনোযোগ দিয়াত সমস্যা পোৱা আদি লক্ষণৰ চিকাৰ হৈছিল।। ইয়াৰ উপৰি বহু শিশুৱে মূৰৰ বিষ, মেজাজ সলনি হোৱা, পেটৰ বিষ, আৰু ভাগৰ লগা আদি লক্ষণত ভোগাৰ কথাও অধ্যয়নটোৰ পৰা পোহৰলৈ আহিছে।

ইপিনে বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত কোৱা হৈছে বিশ্বজুৰি যোৱা দুবছৰত ১৫ মিলিয়ন লোকে ক’ভিডজনিত কাৰণত মৃত্যু হৈছে। এই মৃত্যু হোৱা লোকসকলৰ সৰহসংখ্যকেই দক্ষিণ পূব এছিয়া, ইউৰোপ আৰু আমেৰিকাৰ দেশসমূহৰ বাসিন্দা। বিশ্বজুৰি দেখা দিয়া এই সংকটৰ লক্ষ্য ৰাখি “হু’ৰ অধ্যক্ষ টেড্ৰ’ছ আধানম ঘেব্ৰিয়েছুছে এটা বিশেষ আহ্বানো জনাইছিল। তেওঁ বিশ্বৰ দেশসমূহক স্বাস্থ্যখণ্ডৰ ওপৰত অত্যধিক গুৰুত্ব দিবলৈ কৈছিল।