NORTHEAST NOW (Assamese)

মানুহে মাংস খোৱাৰ বাবেই হিমাচলত ভূমিস্খলন! আই আই টি সঞ্চালকৰ আজৱ দাবী

September 7, 2023 9:46 pm · এন ই নাও নিউজ, গুৱাহাটী

জীৱ-জন্তুৰ ওপৰত নিষ্ঠুৰ ব্যৱহাৰ কৰাৰ বাবে তথা মানুহে মাংস খোৱাৰ বাবেই হিমাচল প্ৰদেশত ভূমিস্খলন আৰু ডাৱৰ বিস্ফোৰণ ঘটিছে! এই অদ্ভুত বুলি দাবী কৰিছে আই আই টিৰ এগৰাকী সঞ্চালকে। আই আই টিৰ মণ্ডীৰ সঞ্চালক লক্ষ্মীধৰ বেহেৰাৰ এই মন্তব্যক লৈ এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ।

বেহেৰাৰ মতে, জীৱ-জন্তুক মাংসৰ বাবে হত্যা কৰা যদি বন্ধ নহয়, ভৱিষ্যতে হিমাচল প্ৰদেশৰ আৰু অধিক পতন হ’ব। হিমাচলত জীৱ-জন্তু হত্যা কৰি থকা হৈছে আৰু এই কাৰ্য পৰিৱেশৰ অৱক্ষয়ৰ সৈতে জড়িত বুলি দাবী কৰিছে সঞ্চালকগৰাকীয়ে।

ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি বেহেৰাই কয় যে, হিমাচলত বাৰে বাৰে ভূমিস্খলন, ডাৱৰ বিস্ফোৰণ আৰু বহু প্ৰাকৃতিক দুৰ্যোগ হৈছে আৰু এই সকলোবোৰ জীৱ-জন্তুৰ ওপৰত কৰা নিষ্ঠুৰতাৰ প্ৰভাৱ। মানুহে মাংস খোৱাৰ বাবে হিমাচলত এই অৱস্থা হৈছে।

তেওঁ লগতে ছাত্ৰ-ছাত্ৰীসকলক মাংস নাখাবলৈ প্ৰতিজ্ঞা কৰিবলৈও আহ্বান জনায়। আই আই টিৰ দৰে সংস্থাৰ সঞ্চালকৰ আসনত অধিস্থিত বেহেৰাৰ এই মন্তব্য এতিয়া সৰ্বত্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

উদ্যোগী তথা আই আই টি দিল্লীৰ প্ৰাক্তন ছাত্ৰ সন্দীপ মনুধানে এক টুইট যোগে কয়, “পতন সম্পূৰ্ণ। এই অন্ধবিশ্বাসী মূৰ্খবোৰে ৭০ বছৰত দেশত যি অলপ নিৰ্মাণ হ’ল, সেইখিনি ধ্বংস কৰি পেলাব।”

উল্লেখ্য যে, এনে বিতৰ্কিত মন্তব্যৰে এইবাৰে প্ৰথমবাৰৰ বাবে যে বেহেৰাই বিতৰ্কৰ সৃষ্টি কৰিছে এনে নহয়। বিগত বৰ্ষতো তেওঁ পবিত্ৰ মন্ত্ৰ জপ কৰি দুষ্ট আত্মাৰ পৰা এক বন্ধুৰ এপাৰ্টমেণ্ট মুক্ত কৰা বুলি দাবী কৰি শিৰোনাম দখল কৰিছিল।

Related News