NORTHEAST NOW (Assamese)

বিশ্বনাথত জব্দ বৃহৎ পৰিমাণৰ দেশীয় আৰু অৰুণাচলী সুৰা

October 26, 2021 6:18 pm · এন ই নাও নিউজ, গুৱাহাটী

কালি নিশা বিশ্বনাথৰ মিজিকাজানৰ হাটখোলা লাইনৰ পৰা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ দেশীয় আৰু অৰুণাচলী সুৰা।

গোপন সূত্ৰৰ পম খেদি উক্ত অঞ্চলৰ পৰা প্ৰায় ৭০ কাৰ্টুন সুৰা জব্দ কৰিবলৈ সক্ষম হয় বিশ্বনাথ আৰক্ষীৰ বিশেষ দলটোৱে।

বহু দিনৰ পৰা সুৰাৰ ৰমৰমীয়া ব্যৱসায়ি চলি অহা উক্ত অঞ্চলৰ পৰা তিনিখন ঘৰৰ পৰা তিনিজন কৈ ব্যক্তিক আটক কৰাৰ লগতে সমগ্ৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বিশ্বনাথ আৰক্ষীয়ে।

আটকাধীন ব্যক্তি তিনিজন ক্ৰমে মোহন জেনা, প্ৰদীপ চাহু, চঞ্জয় চাহু ।

Related News