NORTHEAST NOW (Assamese)

জাগুনত হাতীসহ বৃহৎ পৰিমাণৰ চোৰাং কুন্দা জব্দ : হাতী আৰু কুন্দা এৰি পলায়ন মাউতৰ

September 5, 2020 5:42 pm · মানস প্ৰতিম গগৈ
Updated: September 5, 2020 8:01 pm

ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী-জাগুন বন বিভাগৰ অভিযানত কুন্দাৰ চোৰাং সৰবৰাহ কৰা এটা মখনা হাতী আৰু বৃহৎ সংখ্যক মূল্যৱান কুন্দা জব্দ কৰা হৈছে।

আজি লেখাপানী আৰু জাগুন বনবিভাগৰ এটা বৃহৎ দলে গোপন সূত্ৰৰ পম খেদি ৱাৰা বনাঞ্চলত এক অভিযান চলায়।

এই অভিযানৰ সময়ত চোৰাং কাঠ ব্যৱসায়ীয়ে অবৈধভাৱে চোৰাং কুন্দাসমূহ টিৰাপ নৈ পাৰ কৰি অৰুণাচল প্ৰদেশলৈ নিবৰ বাবে এটা হাতী ব্যৱহাৰ কৰিছিল।

বন বিভাগৰ অভিযানকাৰী দলৰ উমান পাই চোৰাং কাঠ সৰবৰাহকাৰীয়ে উক্ত স্থানতে হাতী আৰু কুন্দা এৰি পলায়ন কৰে।

ইতিমধ্যেই বন বিভাগে হাতীসহ বৃহৎ সংখ্যক কুন্দা জব্দ কৰাৰ পিছতে চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

উল্লেখ্য যে টিৰাপ সংৰক্ষিত বনাঞ্চলৰ পৰা মূল্যৱান গছ কাটি কুণ্ডাসমূহ টিৰাপ নৈৰে ভঁহাই আনি অসম অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া ৱাৰাত মজুত কৰি পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশলৈ সৰবৰাহ কৰি অৰুণাচলৰ মিলৰ ফলুৱাই তাৰে নথিপত্ৰ সংগ্ৰহ কৰি জাগুনৰ পথেৰে অসমৰ বিভিন্ন অঞ্চলৈ সৰবৰাহ কৰি অহাৰ তথ্য পোৱা গৈছে।

অন্যহাতে জাগুন আৰ্মী কেম্পৰ কাষৰ জনৈক গগৈ আৰু জাগুন ১০ মাইলৰ জনৈক প্ৰধান এই সমগ্ৰ চোৰাং চুৰি কাণ্ডৰ লগত জড়িত বুলি এক সূত্ৰত প্ৰকাশ।

Related News