NORTHEAST NOW (Assamese)
অসম

অন্তিমগৰাকী ডিমাচা ৰজা ধৰ্মেশ্বৰ কোঁ‌ৱৰ হাচনুৰ মৃত্যু

Posted by: মিণ্টু দাস August 14, 2018 7:57 pm
Last Dimasa king died

অসম তথা উত্তৰ-পূবৰ অন্যতম প্ৰধান জনগোষ্ঠী ডিমাচা সকলৰ অন্তিমগৰাকী ৰজা ধৰ্মেশ্বৰ কোঁ‌ৱৰ হাচনুৱে আজি ইহলীলা সম্বৰণ কৰে। উল্লেখযোগ্য যে ধৰ্মেশ্বৰ কোঁ‌ৱৰ হাচনু আছিল ডিমাচা ৰজা তুলাৰাম সেনাপতিৰ অষ্টম আজু নাতি।

ডিমাচা সমাজে শেষ ৰজা সন্মানেৰে বিভূষিত কৰি অহা তথা কামপুৰৰ নিজৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰা ধৰ্মেশ্বৰ কোঁ‌ৱৰ হাচনুৰ মৃত্যুৰ সময়ত বয়স আছিল প্ৰায় ৯৫ বছৰ।

অন্তিম গৰাকী ডিমাচা ৰজা ধৰ্মেশ্বৰ কোঁ‌ৱৰ হাচনু

বাৰ্ধক্যজনিত কাৰণত দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা হাচনুৰ মৃত্যুত ডিমাচা সমাজৰ লগতে সমগ্ৰ কামপুৰ অঞ্চলতে শোকৰ ছাঁ‌ পৰা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, ধৰ্মেশ্বৰ কোঁৱৰ হাচনু কেৱল ডিমাচা সকলৰ ৰজাই নহয় তেওঁ গাঁ‌ওখনৰ বৰ বায়নৰ দৰে এক গধুৰ দ্বায়িত্বও পালন কৰিছিল।