NORTHEAST NOW (Assamese)
Popular Stories

সন্তান প্ৰসৱ কৰিয়েই মৃত্যুক আঁকোৱালি লোৱা ৰূপম ভূঞাৰ পত্নীৰ শেষকৃত্য সম্পন্ন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 12, 2020 8:17 pm
Rupam PPOtni

এটা পুত্ৰ সন্তান জন্ম দি বুধবাৰে নিশা দুৰ্ভাগ্যজনকভাৱে মৃত্যক আঁকোৱালি লোৱা সংগীত শিল্পী ৰূপম ভূঞাৰ পত্নী মানশ্ৰী বৰুৱাৰ শেষকৃত্য আজি বিয়লি প্ৰায় ৩ মান বজাত ভূতনাথ স্মশানত সম্পন্ন কৰা হয়।

এইদৰে পত্নীৰ অকাল বিয়োগত মৰ্মাহত হৈ পৰিছে সংগীত শিল্পী তথা দুটা পুত্ৰৰ পিতৃ ৰূপম ভূঞা।

এই শোকাৱহ ঘটনা সন্দৰ্ভত মানশ্ৰী বৰুৱাৰ শহুৰে জানিবলৈ দি কয় যে বুধবাৰে দিনৰ ১১ মান বজাত বোৱাৰী মানশ্ৰীয়ে এটি পুত্ৰ সন্তান জন্ম দিছিল।

‘সকলো ঠিকেই আছিল যদিও নিশা হঠাৎ হিমগ্ল’বিন আৰু ৰক্তচাপৰ তাৰতম্যৰ বাবে স্বাস্থ্যৰ অৱনতি হৈছিল মানশ্ৰীৰ। লগে লগে তেওঁক ICU ত ভৰ্তি কৰোৱা হয়’।

কিন্তু আই চি য়ুত সোমোৱাৰ অলপ পিছতেই চিকিৎসকে মানশ্ৰীৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। এই কথা জনাই ৰূপম ভূঞাৰ পিতৃয়ে।

উল্লেখ্য যে মহানগৰীৰ মাৰোৱাৰী মেটাৰনিটি হাস্পতালত নিশা প্ৰায় ১২ বজাত মৃত্যুক আকোঁৱালি লৈছিল কণ্ঠশিল্পী ৰূপমৰ পত্নীৰ।