NORTHEAST NOW (Assamese)
অসম

অখিলৰ অসুস্থতাৰ খবৰ নাপাই উদ্বিগ্ন পত্নী গীতাশ্ৰী তামুলী; জনালে মনৰ কথা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা July 6, 2020 12:02 pm
images (14)

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত অসুস্থ কৃষক নেতা অখিল গগৈ। জ্বৰ-কাহত আক্রান্ত কাৰাৰুদ্ধ কৃষক নেতা গৰাকী।

কিন্তু স্বামী অখিলৰ অসুস্থতার কথা নাজানে পত্নী গীতাশ্ৰী তামুলীয়ে।

সংবাদ মাধ্যমত স্বামী অখিল গগৈৰ অসুস্থতা বুলি জানিব পাৰি ফেচবুক যোগে  পত্নী গীতাশ্ৰীয়ে অখিলৰ অসুস্থতা সন্দৰ্ভত প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷

তামুলীয়ে কয়, “কেইবামাহো হ’ল। ঘৰত টিভি নাই। বহু কথা নজনাকৈ ৰৈ যায়। ফেচবুকত দেখিছোঁ, অখিলৰ শৰীৰ অসুস্থ, কোভিডৰ লক্ষণ। কি ক’ম বুজি পোৱা নাই। বহুতে মোক ফোন কৰি বা আন ধৰণেও সোধে, ‘দাদা ভালে আছেনে?’ কিন্তু মই নো কি জানো? কাৰ্যত: গুৱাহাটীৰ পৰা লৈ যোৱাৰ পাছত লগ ধৰিব পৰা নাই।‘’

তেওঁ লগতে কয়, ‘’আগেয়ে এনএছএত গ্ৰেপ্তাৰ কৰি ঘূৰাই ফুৰোতে মাজৰাতি থানা এখনৰ পৰা ফোন কৰি জনাইছিল।এইবাৰ কোনো বতৰা নাই, ফোন নাই। ডিব্ৰুগড়ত থাকোঁতে অসম আৰক্ষীৰ ডিজিপি মহোদয়ক ফোন কৰাত উপায়ুক্তক অনলাইন এপ্লিকেচন দিবলৈ ক’লে। দিলো। দুসপ্তাহ মানৰ পাচত উত্তৰ আহিল, ‘Rejected’. আৰু তাৰ কাৰণো ‘Rejected’।‘’

“গুৱাহাটীলৈ আহিল। বাৰে বাৰে জেলৰ সমুখৰ পৰা ঘূৰি আহিলো। নিয়া কৰ্টৰ অনুমতি লৈ গ’লেও আমাক, মানে অধিবক্তা আৰু মোক কৰ’নাৰ দোহাই দি লগ ধৰাৰ অনুমতি নিদিলে। ২৯ জুনত ক’ৰ্টত হাজিৰ কৰাব বুলি বাট চালো। তাৰ আগতে গুৱাহাটীত লকডাউন,”-তামুলীয়ে এনেদৰে কয়।

তামুলীয়ে লগতে কয়, “এতিয়া বাতৰি-কাকত বা চেনেল কেইটাৰ বাহিৰে জনাৰ একো উপায় নাই। আইনী পৰামৰ্শ, সেই বিষয়ৰ আলোচনা,বেমাৰ- এইবোৰ এতিয়া অভিযুক্ত-তেওঁলোকৰ পৰিয়ালবোৰৰ অধিকাৰৰ ক্ষেত্ৰত নপৰিবও পাৰে। এতিয়া যে কোভিডে অনা জৰুৰী অৱস্থা চলি আছে। তথাপি মোৰ হাতত থকা একমাত্ৰ মাধ্যমটোৰে মোৰ এই উদ্বিগ্নতাখিনি উলিয়াই দিলো”।

উল্লেখ যোগ্য যে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত গ্ৰহণ কৰা ভূমিকাৰ বাবে যোৱা ডিচেম্বৰ পৰা কাৰাবন্দী হৈ আছে কৃষক নেতা গৰাকী।