২,৫০০টকাৰ বিনিময়ত হাস্পাতলখনে দিছিল কোভিড-১৯ৰ নিগেটিভ ৰিপ’ৰ্ট; বাতিল লাইচেন্স

হাস্পাতল কৰ্মীয়ে কোভিড-১৯ৰ ভুৱা ৰিপ’ৰ্ট প্ৰদান কৰাৰ এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত উত্তৰ প্ৰদেশৰ মীৰাটৰ এখন ব্যক্তিগত হাস্পাতলৰ লাইচেন্স বাতিল কৰা হৈছে।
মীৰাটৰ জিলা দণ্ডাধীশ অনিল ঢিংৰাই জানিবলৈ দিয়ে যে ‘’মীৰাটত এটা ভিডিঅ’ ভাইৰেল হৈ পৰে। আমি এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছো। আমি নাৰ্ছিংহোমখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছো।‘’
‘’আমি হাস্পাতলখন আজি ছীলো কৰিছো। এই সংকটৰ সময়ত যিকোনোৱে এনে ধৰণৰ কাম কৰিলে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব,’’-দণ্ডাধীশগৰাকীয়ে লগতে কয়।
ভিডিঅ’টোত এগৰাকী ব্যক্তিয়ে কৈ থকা শুনা গৈছিল যে তেওঁলোকে ২,৫০০টকাৰ বিনিময়ত কোভিড-১৯ৰ নিগেটিভ ৰিপ’ৰ্ট দিয়ে।
মীৰাটৰ মুখ্য চিকিৎসা বিষয়াগৰাকীয়ে কয়,’’ভিডিঅ’টোত হাস্পাতলখনৰ এগৰাকী ব্যক্তিয়ে কৈ থকা শুনা গৈছিল যে তেওঁ কোভিড-১৯ৰ নিগেটিভ ৰিপ’ৰ্ট যোগাৰ কৰি দিব পাৰে আৰু ব্যক্তিগৰাকীয়ে অস্ত্ৰোপচাৰৰ লগতে আন কামো কৰাই দিব পাৰে।‘’
বিষয়াগৰাকীয়ে লগতে কয়,’’আমি ব্যক্তিগৰাকীক চিনাক্ত কৰিছো। আমি হাস্পাতলখনৰ লাইচেন্স বাতিল কৰাৰ লগতে এখন এজাহাৰো দাখিল কৰিছো।‘’