NORTHEAST NOW (Assamese)

বিহাৰত সুশান্ত সিং ৰাজপুতৰ ভাতৃক গুলীয়ালে অচিনাক্ত দুৰ্বৃত্তই, অৱস্থা সংকটজনক

January 31, 2021 8:30 am · এন ই নাও নিউজ

সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে বিহাৰত প্ৰয়াত অভিনেতাজনৰ সম্পৰ্কীয় ভাতৃক অচিনাক্ত দুৰ্বৃত্তই গুলীওৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বিহাৰৰ ছিৰচা জিলাৰ মাধেপুৰত এখন বাইকৰ শ্ব’ৰুম আছে সুশান্ত সিং ৰাজপুতৰ মোমায়েকৰ পুত্ৰ ৰাজ কুমাৰ সিঙৰ।

ৰাজকুমাৰে তেওঁৰ সহযোগী আলী হাছানৰ সৈতে মাধেপুৰত থকা শ্ব’ৰুম খুলিবলৈ অহাৰ সময়তে মাজবাটতে তেওঁলোকক আক্ৰমণ কৰে দুৰ্বৃত্তই।

দুৰ্বৃত্তই ৰাজকুমাৰ সিং আৰু  আলী হাছানক বাটত ৰখাই ধাৰাসাৰ গুলীবৰ্ষণ কৰে।

এই ঘটনাত দুয়োগৰাকী লোক গুৰুতৰ ভাৱে আহত হয়।

তেওঁলোক দুয়োকে লগে লগে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসকে প্ৰকাশ কৰা মতে দুয়োৰে অৱস্থা অতি সংকটজনক।

কি কাৰণত  ৰাজ কুমাৰ সিঙক দুৰ্বৃত্তই গুলীয়ালে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।

বহুতে সন্দেহ কৰা মতে ব্যৱসায়িক লেন-দেন সম্পৰ্কীয় কোনো বিবাদৰ বাবেই ৰাজ কুমাৰ আক্ৰমণৰ বলি হ’ব পাৰে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও এতিয়াও কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।  এই ঘটনাই সমগ্ৰ বিহাৰতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Related News