NORTHEAST NOW (Assamese)
অসম

বিৰাট কোহলীৰ সৈতে কোন এইগৰাকী মোহময়ী নাৰী? ভাইৰেল ফটো

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 30, 2020 6:28 pm
EPeovdqUYAA3I9s

টীম ইণ্ডিয়া বৰ্তমান নিউজিলেণ্ড ভ্ৰমণত আছে। দুয়োটা দলৰ মাজত বৰ্তমান পাঁচখনীয়া টী-২০ খেলৰ ছিৰিজ চলি আছে।

টীম ইণ্ডিয়াই প্ৰথম তিনিখন মেচত জয়ী হৈ ছিৰিজটোত ৩-০ৰ অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে।

ইয়াৰ মাজতে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীৰ এখন ফটো ভাইৰেল হৈ পৰিছে। ফটোখনত কোহলীৰ সৈতে দেখা গৈছে এগৰাকী মোহময়ী সুন্দৰী নাৰীক।

দৰাচলতে ফটোখন থকা নাৰীগৰাকী আন কোনো নহয়, তেওঁ হৈছে দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেটাৰ লাৰা ৱালবাৰ্ট।

ফটোখন লাৰাই নিজেই শ্বেয়াৰ কৰিছে আৰু ইয়াত বহুতেই আমোদজনক মন্তব্যও কৰিছে।

লাৰা আৰু বিৰাটৰ সাক্ষাৎ ঘটে হেমিল্টনত। ইয়াৰ মাজতে বিৰাটে লগতে কয় যে কিছুদিন পূৰ্বে তেওঁ এই মহিলা ক্ৰিকেটাৰগৰাকীৰ হেনো খেলো চাইছিল।

লাৰা ৱালবাৰ্টে দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলৰ হৈ ৫০খন এদিনীয়া আন্তৰ্জাতিক আৰু ১৭খন টী-২০ আন্তৰ্জাতিক খেল খেলিছে।

দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলটোও বৰ্তমান নিউজিলেণ্ডতে আছে।

৩০ জানুৱাৰিত হেমিল্টনত নিউজিলেণ্ড মহিলা ক্ৰিকেট দলটো আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলটোৰ মাজত এদিনীয়া মেচ খেলোৱা হয় য’ত দক্ষিণ আফ্ৰিকা মহিলা ক্ৰিকেট দলটোৱে ৬ উইকেটত জয়লাভ কৰে।

লাৰাই এইখন খেলত ২৬ ৰাণৰ ইনিংছ খেলে। লাৰাই এদিনীয়া আন্তৰ্জাতিকত ৬৩.৯২ হাৰত ষ্ট্ৰাইক ৰেট আৰু ৪৫.৬৩ গড়ে ১৮৭১ ৰাণ কৰাৰ লগতে টী-২০ আন্তৰ্জাতিকত ৯৫.০৫ ষ্ট্ৰাইক ৰেটৰে ১৭.৯৩ গড়ে ২৬৯ ৰাণ কৰিছে।

এদিনীয়াত লাৰাই ২টা শতক আৰু ১৬ অৰ্দ্ধ শতকো অৰ্জন কৰিছে।