NORTHEAST NOW (Assamese)
অসম

টংলাত যুৱতীৰ কোঠাত গোপন কেমেৰা লগোৱাৰ অভিযোগত শিক্ষকক আটক

Posted by: চাজিদ খান July 14, 2018 10:26 pm

চুবুৰীয়া মহিলাৰ কোঠাত গোপন কেমেৰা লগোৱাৰ অভিযোগত ওদালগুৰি জিলাৰ টংলাত আৰক্ষীয়ে আটক কৰিছে পাৰ্থ প্ৰতিম দেৱশৰ্মা নামৰ এজন শিক্ষক। টংলা আৰক্ষীয়ে আটক কৰা শিক্ষকজনে কিন্তু অভিযোগটো অস্বীকাৰ কৰিছে।

টংলাৰ মিলনপুৰ এলেকাত ভাৰাঘৰত থকা শিক্ষকগৰাকীৰ বিৰুদ্ধে ২৩ বছৰীয়া এগৰাকী যুৱতীয়ে তোলা এই গোপন কেমেৰা লগোৱাৰ অভিযোগৰ ভিত্তিত টংলা আৰক্ষীয়ে যোৱা শুকুৰবাৰে দেৱশৰ্মাক আটক কৰে।

‘আমি এটা গোপন কেমেৰা কোঠাটোৰ পৰা উদ্ধাৰ কৰিছো আৰু ঘটনাটোৰ তদন্ত চলাই আছো,’ নৰ্থ ইষ্ট নাও-ক জনাই টংলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দুৰ্গাকিংকৰ শৰ্মাই।

আনহাতে অভিযোগটো অস্বীকাৰ কৰি শিক্ষকজনে কয় যে তেওঁ ইয়াত ডি এল এড কৰ্মশালাৰ বাবেহে আহিছে।

দেৱশৰ্মাৰ বিৰুদ্ধে টংলা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৫৩ আৰু আই টি আইন ৬৬ ধাৰাৰ অধীনত ১১১/১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰা হৈছে।