NORTHEAST NOW (Assamese)
অসম

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Posted by: চানু গগৈ Updated by: চানু গগৈ February 26, 2021 8:14 pm
a mori

আজি  মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দিনৰ দুই বজাত জিলা উপায়ুক্ত লীনা দাসৰ অধ্যক্ষতাত আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত এখন জৰুৰী সভা অনুষ্ঠিত কৰা হয় ।

জিলা খনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়া সকলক লৈ অনুষ্ঠিত কৰা সভা খনত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়ণ কৰি থকা আঁচনি সমূহৰ হৰ্ডিংবোৰ তৎকালে আঁতৰাই দিবলৈ নিৰ্দেশ দিয়ে আৰু ৰাজহুৱা স্থানত অথবা কাৰ্যালয়ৰ চৌহদত চলি থকা আঁচনিৰ বিৱৰণী থকা বেনাৰ  সমূহ আঁতৰাবলৈ নিৰ্দেশ জাৰি কৰা হয়।

 এই কাৰ্য  ভিডিঅ কৰি এটা ফৰ্মেটত প্ৰশাসনক জনাব লাগিব বুলি সভাত জানিবলৈ দিয়ে ।

নিৰ্বাচনৰ কাম কাজত ব্যাঘাত ন’হবৰ বাবে বিষয়া  সকলক সদৰ স্থান এৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে।

সভাত অতিৰিক্ত উপায়ুক্ত  ৰমী বৰুৱা, অজিত কুমাৰ শৰ্মা,  দেৱযানী চৌধুৰী,  জিলা আৰক্ষী অধীক্ষক ড. নন্দ সিং বৰকলা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাঁহী বিষয়া  ক্ষীতিশ চন্দ্ৰ পেগু, জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰী আৰু ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকলৰ লগতে  বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল ।