NORTHEAST NOW (Assamese)
অসম

অসমত বিজেপিক ৰুধিবলৈ RJD ৰ মন্ত্ৰণা লৈছে মহাজোঁটে, গুৱাহাটীত উপস্থিত লালু পুত্ৰ তেজস্বী যাদৱ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 27, 2021 6:34 am
a yej

কেন্দ্ৰীয় নিৰ্বাচন আয়োগে কালি তিনিটা পৰ্যায়ত অসমত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সময়তে যোৱা নিশা গুৱাহাটীত আহি উপস্থিত হয় বিহাৰৰ RJD ৰ নেতা তেজস্বী যাদৱ।

যোৱানিশা খানাপাৰাত মহাজোঁটৰ নেতাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় নেতা গৰাকী৷
আজি পুৱা ৭:৩০ বজাত হোটেলৰ পৰা পোনে পোনে কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যাব  RJD ৰ নেতা গৰাকীয়ে।

বিয়লি ২ বজাত সংবাদমাধ্যমক সম্বোধন কৰিব তেজস্বী যাদৱে।

হোটেল তাজ ভিভান্তাত ৰিপুন বৰাৰ নেতৃত্বত যোৱা কংগ্ৰেছৰ এটা দলে সাক্ষাৎ কৰে তেজস্বীক।

লগতে কংগ্ৰেছ নেতা সাংসদ প্ৰদ্যুত বৰদলৈ, বদৰুদ্দিন আজমলৰ পুত্ৰ আব্দুৰ ৰহিম আজমল , বিধায়ক আমিনুল ইছলাম আৰু RJD ৰ ৰাজ্যিক সভাপতিয়ে সংগ দিযে় যাদৱক।

মহাজোঁটৰ নেতাসকলৰ সৈতে নিৰ্বাচনী ৰণকৌশল সম্পৰ্কীয় আলোচনা কৰাৰ অন্তত  নিশা ১০ বজাত বিমানৰে  পাটনালৈ উভতি যাব তেজস্বী যাদৱে।