NORTHEAST NOW (Assamese)
অসম

ফেনি আতংকত অসমকে ধৰি দেশৰ মুঠ ৮১খন ৰে’ল বাতিল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 1, 2019 8:37 pm
NF Railway: Train running affected in Assam due to derailment of goods train

ঘণ্টাত ১৭০-১৮০ কিঃ মিঃৰ ভয়াৱহ বেগত আগবঢ়া সাগৰীয় ধুমুহা ফেনিৰ আতংকত অসমমুখী ৰে’লকে ধৰি দেশৰ মুঠ ৮১খন যাত্ৰীবাহী ৰে’ল বাতিল কৰা হৈছে।

ইস্ত ক’স্ত ৰে’লৱে’ই বাতিল কৰা ৰে’লসমূহৰ ভিতৰত আছে অসমমুখী বা অসমৰ পৰা যোৱা ৩খন ৰে’ল। তাৰোপৰি যাত্ৰাপথ পৰিৱৰ্তন কৰা হৈছে ১২৫০৯নং বেংগাল’ৰ-গুৱাহাটী এক্সপ্ৰে’ছৰ।

অসমমুখী বাতিল ৰে’লখন হৈছে– তাম্বাৰাম-ডিব্ৰুগড় এক্সপ্ৰে’ছ (১৫৯২৯নং)। লগতে বাতিল হৈছে শিলচৰ-তিৰুৱনন্তপুৰমমুখী আৰনাই এক্সপ্ৰে’ছ (১২৫০৮নং) আৰু গুৱাহাটী-ছেকেন্দ্ৰাবাদ (১২৫১৪নং)এক্সপ্ৰে’ছ।

যাত্ৰাপথ পৰিৱৰ্তন কৰা বেংগাল’ৰ-গুৱাহাটী এক্সপ্ৰে’ছ ৱিজিয়ানগৰম হৈ অসমমুখী হ’ব।

লগতে পঢ়ক– ভয়াৱহ গতিত অসম অভিমুখী ফেনি, বংগোপ সাগৰত শক্তিবৃদ্ধি; শনিবাৰে হ’ব প্ৰচণ্ড বৰষুণ

চেফিৰ চিম্পছন হাৰিকে’ন ৱিন্দ স্কে’ল (Saffir-Simpson Hurricane Wind Scale)ত ১ নং কেতে’গৰিৰ ধুমুহাৰূপে চিনাক্ত ফেনি ভয়াৱহ গতিৰে আগবাঢ়িছে উত্তৰ-পূব অভিমুখে।

সাগৰীয় ধুমুহাজাকৰ ফলত শনিবাৰে অসমকে ধৰি উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশ আৰু মেঘালয় সন্মুখীন হ’ব প্ৰচণ্ড বৰষুণৰ, Weather.comৰ ভৱিষ্যতবাণী।

উত্তৰ-পূবত ক্ৰান্তীয় ধুমুহাটো (Tropical hurricane)ৰ ক্ষতিশংকা পূৰ্বানুমান এতিয়াই সম্ভৱ হোৱা নাই, কিন্তু অঞ্চলটোত এই প্ৰভাৱ প্ৰান্তীয় (peripheral) হ’ব বুলি ধাৰণা কৰা হৈছে।

বতৰ বিজ্ঞানৰ সীমাবদ্ধতাৰ মাজতো এতিয়ালৈকে সত্য প্ৰমাণিত হৈছে ১৭০-৮০ কিঃ মিঃ/ ঘণ্টা বেগত বলা ধুমুহাজাকৰ গতিপথ।

ঘণ্টাত ২০০ কিঃ মিঃলৈকে বেগৱন্ত হোৱাৰ ক্ষমতাসম্পন্ন ধুমুহাজাকৰ দক্ষিণ বংগোপসাগৰত শক্তিবৃদ্ধিৰ আশংকা কৰা হৈছে।

সেই অনুসৰি ফেনিয়ে ভয়ানক ক্ষতি কৰাৰ শংকা আছে বাংলাদেশত।

বুধবাৰে ইতিমধ্যে অন্ধ্ৰ প্ৰদেশৰ ৱিশাখাপত্তনমত উপস্থিত হৈছে ফেনি। শুকুৰবাৰৰ ভিতৰত দক্ষিণ উপকূলকে ধৰি অ’ড়িছাৰ অভ্যন্তৰতো তীব্ৰ বেগে বলিব ধুমুহাজাক।

ভয়াৱহ ধুমুহাজাকৰ মোকাবিলা কৰিবলৈ ইতিমধ্যে অন্ধ্ৰপ্ৰদেশ, অ’ড়িছা, পশ্চিম বংগৰ লগতে বাংলাদেশতো সতৰ্কীকৰণ জাৰি কৰিছে।