NORTHEAST NOW (Assamese)
অসম

চমকপ্ৰদ বেটিঙেৰে দুৰ্দান্ত বিজয় প্ৰাঞ্জল একাদশৰ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা May 1, 2019 8:41 pm
IMG-20190501-WA0028

নগাঁও জিলাৰ চামগুৰিৰ ৰাইন’জ একাদশৰ উদ্যোগত আয়োজন কৰা প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতাৰ আজি সফল ভাবে সামৰণি পৰে।

চামগুৰি উচ্চত্ৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ২৩ মাৰ্চৰ পৰা অনুস্থিত হোৱা প্ৰতিযোগিতাখনত অসমৰ ৩২ টা দলে অংশগ্ৰহণ কৰে। লীগ পৰ্য্যায়ৰ খেল সমূহৰ সামৰণিৰ পাছত ফাইনেল খেলখন নগাঁৱৰ প্ৰাঞ্জল একাদশ ক্ৰিকেট ক্লাব আৰু চামগুৰিৰ ৰাইন’জ একাদশ ক্ৰিকেট ক্লাবৰ মাজত আজি বিয়লি অনুস্থিত হয়।

প্ৰথমে বেটিং কৰি প্ৰাঞ্জল একাদশে নিৰ্দ্ধাৰিত  ১২অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৪৮ৰান কৰাৰ বিপৰীতে ৰাইন’জ একাদশে আটাইকেইটা উইকেটৰ বিনিময়ত মাত্ৰ ৭৯ ৰাণ সংগ্ৰহ কৰি পৰাজয়ৰ সন্মুখিন হয়।

ফাইনেল খেলৰ অন্তত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে চেম্পিয়ন দল নগাঁৱৰ প্ৰাঞ্জল একাদশক নিৰ্ধাৰিত প্ৰাইজ মানিৰ লগতে ট্ৰফী প্ৰদান কৰে।

বঁটা বিতৰণী অনুষ্ঠানত ৰকিবুল হুছেইনৰ লগতে অগপ নেতা ভৰত দাস, সমাজ সেৱক বনমালী কলিতা, ভদ্ৰ কলিতা, পূৰ্ণ হাজৰিকা, চামগুৰি শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য দীগেন বৰাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

প্ৰতিযোগিতা খনত মেন অব দ্যা মেচৰ সন্মান লাভ কৰে নিলোৎপল বৰাই। মেন অৱ দ্যা চিৰিজ দখল কৰে দীপাংকৰ শইকীয়াই।

বঁটা প্ৰদান অনুষ্ঠানৰ ভাষণত বৰিবুল হুছেইনে এনে ধৰণৰ প্ৰতিযোগিতাই স্থানীয় ৰাইজৰ মাজত একতা আৰু ভাতৃত্ববোধ বৃদ্ধি কৰে বুলি মন্তব্য কৰে।