NORTHEAST NOW (Assamese)
ক্ৰীড়া

দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান লাভ কৰিব অসম কন্যা লাভলীনাই, আৰু কোন ক্ৰীড়াবিদে লাভ কৰিছে ক্ৰীড়া সন্মান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 3, 2021 9:09 am
Major Dhyan Chand Khel Ratna Award and National Sports Award

টকিঅ’ অলিম্পিকত ব্ৰঞ্জ পদক জয়েৰে দেশবাসীক তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহাইক প্ৰদান কৰা হ’ব দেশৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান খেলৰত্ন বঁটা। ইয়াৰ লগে লগে খেলৰত্ন লাভ কৰা প্ৰথমগৰাকী অসমীয়া হ’ব লাভলীনা বৰগোহাঁই। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগে ঘোষণা কৰা ২০২১ বৰ্ষৰ ক্ৰীড়া বঁটাৰ তালিকাত লাভলীনাই স্থান লাভ কৰিছে। তেওঁক আগবঢ়োৱা হৈছে দেশৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান মেজৰ ধ্যানন্দ খেলৰত্ন বঁটা। ইয়াৰ পূৰ্বে লাভলীনাই লাভ কৰিছিল অৰ্জুন সন্মান।

এইবাৰ দেশৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা বিজয়ীৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পাইছে। ইফালে অৰ্জুন বঁটা প্ৰদান কৰা হ’ব দেশৰ ৩৫ গৰাকী খেলুৱৈক। আগন্তুক ১৩ নৱেম্বৰত ৰাষ্ট্ৰপতি ভৱনত খেলুৱৈকসকলক ক্ৰীড়া বঁটাসমূহ প্ৰদান কৰা হ’ব।

মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা লাভৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা খেলুৱৈসকল ক্ৰমে, নীৰজ চোপ্ৰা (এথলেটিকছ), ৰবি কুমাৰ (মল্লযুদ্ধ), লাভলীনা বৰগোহাঁই (বক্সিং), পিআৰ শ্ৰীজেশ (হকী), অৱনী লেখাৰা (পেৰা শ্বুটিং), সুমিত এণ্টিল (পেৰা এথলেটিকছ), প্ৰমোদ ভগত (পেৰা বেডমিণ্টন), কৃষ্ণ নগৰ (পেৰা বেডমিণ্টন), মনীষ নাৰৱাল (পেৰা শ্বুটিং), মিতালী ৰাজ (ক্ৰিকেট), সুনীল ছেত্ৰী (ফুটবল), মনপ্ৰীত সিং (হকী)।

অৰ্জুন বঁটা লাভ কৰা খেলুৱৈসকল ক্ৰমে আৰাপিন্দৰ সিং (এথলেটিকছ), চিমৰণজিৎ কৌৰ (বক্সিং), শিখৰ ধাৱান (ক্ৰিকেট), চি.এ. ভৱানী দেৱী (ফেন্সিং), মনিকা (হকী), বন্দনা কাটাৰিয়া (হকী), সন্দীপ নাৰৱাল (কাবাডী), হিমানী উত্তম পৰব (মাললাখাম্ব), অভিষেক বাৰ্মা (শ্বুটিং), অংকিতা ৰাইনা (টেনিছ), দীপক পুনিয়া (মল্লযুদ্ধ), দিলপ্ৰীত সিং (হকী), হৰমনপ্ৰীত সিং (হকী), ৰূপিন্দৰ পাল সিং (হকী), সুৰেন্দ্ৰ কুমাৰ (হকী), অমিত ৰোহিদাস (হকী), বীৰেন্দ্ৰ লাকডা (হকী), সুমিত (হকী), নীলকান্ত শৰ্মা (হকী), হাৰ্দিক সিং (হকী), বিবেক সাগৰ প্ৰসাদ (হকী), গুৰজন্ত সিং (হকী), মনদীপ সিং (হকী), চামছেৰ সিং (হকী), ললিত কুমাৰ উপাধ্যায় (হকী), বৰুণ কুমাৰ (হকী), চিমৰণজিৎ সিং (হকী), যোগেশ কাথুনিয়া (পেৰা এথলেটিকছ), নিশাদ কুমাৰ (পেৰা এথলেটিকছ), প্ৰবীণ কুমাৰ (পেৰা এথলেটিকছ), সুহাশ যতীৰাজ (পেৰা বেডমিণ্টন), সিংৰাজ আধানা (পেৰা শ্বুটিং), ভাৱনা পেটেল (পেৰা টেবল টেনিছ), ৩৪. হৰবিন্দৰ সিং (পাৰা আৰ্চাৰী) শৰদ কুমাৰ (পেৰা এথলেটিকছ)।

দ্ৰোণাচাৰ্য বঁটাৰ বাবে মুঠ ১০ জন প্ৰশিক্ষক বাছনি কৰা হৈছে– জীৱনজোৰা সাধনাৰ শ্ৰেণীত টিপি ওচেফ (এথলেটিকছ), চৰকাৰ তলৱাৰ (ক্ৰিকেট), সৰপাল সিং (হকী), আশান কুমাৰ (কাবাডী) আৰু তপন কুমাৰ পানীগ্ৰাহী (সাঁতোৰ)ক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে।

আনহাতে নিয়মীয়া দ্ৰোণাচাৰ্য শ্ৰেণীৰ বিজয়ীসকল হৈছে ৰাধাকৃষ্ণণ নায়াৰ পি (এথলেটিকছ), সন্ধ্যা গুৰুং (বক্সিং), প্ৰীতম চিৱাচ (হকী), জয় প্ৰকাশ নটিয়াল (পেৰা শ্বুটিং) আৰু সুব্ৰমনিয়াম ৰমন (টেবল টেনিছ)।

প্ৰাক্তন বিশ্ব আৰু এছিয়ান চেম্পিয়ন বক্সাৰ লেখা কেচি, অভিজিত কুন্তে (দবা), দাবিন্দৰ সিং গাৰ্চা (হকী) আৰু বিকাশ কুমাৰ (কাবাডী)ৰ সৈতে তেওঁৰ জীৱনজোৰা কৃতিত্বৰ বাবে সজ্জন সিং (মল্লযুদ্ধ) ধ্যান চান্দ বঁটাৰ বাবে নিৰ্বাচিত হৈছে।

মৌলানা আবুল কালাম আজাদ বঁটা লাভ কৰিছে পঞ্জাৱ বিশ্ববিদ্যালয়, চণ্ডিগড়।