NORTHEAST NOW (Assamese)
অসম

জাগুনত পিষ্টলসহ আটক উগ্ৰপন্থী সংগঠন এল ডি চি এম এলৰ কেডাৰ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ May 14, 2021 8:08 pm
jag

ভাৰতীয় সেনাৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ জাগুন স্থিত ১৪নং ৰাজপুত ৰেজিমেণ্টৰ এক অভিযানত আজি জাগুন নামফাই সংৰক্ষিত বনাঞ্চলত দুধৰ্ষ এল, ডি, চি, এম, এল’ৰ এজন দুৰ্ধষ কেডাৰ আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন কেডাৰ জনৰ নাম লক্ষ্মীকান্ত কুম্বাং (২৯) বুলি জানিব পৰা গৈছে।

মাৰ্ঘেৰিটা মহকুমাৰ জাগুন কাংকান গাঁৱৰ উমাকান্ত কুম্বাঙৰ পুত্ৰ আটকাধীন কেডাৰ লক্ষ্মীকান্ত।

২০২০চনত এন, এছ, চি, এন (আৰ) ত যোগদান কৰিছিল যদিও পৰৱৰ্তী সময়ত নতুনকৈ গঠন হোৱা লিবাৰেল ডেমক্ৰেটিক কাউন্সিল অফ মিচিং লেণ্ড চমুকৈ এল, ডি, চি, এম, এল নামৰ উগ্ৰপন্থী সংগঠনটোত যোগদান কৰিছিল লক্ষ্মীকান্তই।

আটকাধীন কেডাৰ জনৰ পৰা সেনাবাহিনীয়ে জাৰ্মানীত নিৰ্মিত এটা ৭.৬৫ এম এম পিষ্টলৰ সৈতে কেইবা জাই সজীৱ গুলি উদ্ধাৰ কৰে।

সেনাবাহিনীয়ে ইতিমধ্যে কেডাৰ জনক লেখাপানী আৰক্ষী থানাত চমজাই দিয়ে। লেখাপানী আৰক্ষীয়ে উগ্ৰপন্থী জনক জেৰা অব্যাহত ৰাখিছে।