NORTHEAST NOW (Assamese)
অসম

বামুণী পাহাৰত মৃত্যু ঘটা ১৮ টা হাতীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন, এটা হাতীৰ দেহতহে পোৰাৰ চিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 14, 2021 7:22 pm
El

সমগ্ৰ ৰাজ্যতে জোকাৰণিৰ সৃষ্টি কৰা নগাঁৱৰ বামুণী পাহাৰত ৰহস্যজনক ভাবে মৃত্যুক সাৱটি লোৱা ১৮ টাকৈ হাতীৰ আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়।

প্ৰাথমিক পৰ্যায়ত হাতী কেইটাৰ মৃত্যু বজ্ৰপাতৰ ফলত হোৱা বুলি বহুতে ক’ব বিচাৰিছে যদিও মৰণোত্তৰ পৰীক্ষাত কেৱল এটা হাতীৰ দেহতহে পোৰাৰ চিন পোৱা গৈছে।

হাতী কেইটাৰ বিষক্ৰিয়াত মৃত্যু ঘটিব পাৰে নেকি সেই বিষয়টো নিশ্চিত কৰিবলৈ আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা পশু চিকিৎসকৰ দলটোৱে মৃত হাতী কেইটাৰ পাকস্থলীৰ কিছু অংশ পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হয়।

়সেই অংশ সমূহ পৰীক্ষাগাৰত পৰীক্ষা কৰাৰ পিছতে হাতী কেইটাৰ মৃত্যু বিষক্ৰিয়াত হৈছে নেকি সেয়া নিশ্চিত কৰিব পৰা যাব বুলি আশা কৰা হৈছে।

পশু চিকিৎসকৰ দলটোৱে মৃত হাতী কেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহা সপ্তাহত সংশ্লিষ্ট কৰ্তৃপক্ষক দাখিল কৰাৰ সম্ভাৱনা আছে।

ইপিনে আজি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই হাতী কেইটাৰ মৃত্যু ঘটা স্থান পৰিদৰ্শন কৰে।

হাতী কেইটা পাহাৰতে পুতি থোৱাৰ কথা ভবা হৈছিল যদিও পাহাৰৰ শিলাময় ভূমিত গাঁত খন্দাত অসুবিধা হোৱাত হাতী কেইটাৰ সৎকাৰত যথেষ্ট পলম হ’ব বুলি ধাৰণা কৰা হৈছে।

উল্লেখ্য নগাঁও জিলাৰ বঢ়মপুৰৰ বামুণী পাহাৰত কালি উদ্ধাৰ হৈছিল ১৮  টাকৈ বন্যস্তীৰ মৃতদেহ।

কালি পুৱাৰ ভাগত পাহাৰলৈ খৰি লুৰিবলৈ যোৱা লোকে মৃত হাতী কেইটা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক খবৰ দিয়ে।

ৰাইজে লগে লগে নগাঁৱৰ বন বিভাগক ঘটনাটোৰ বিষয়ে অৱগত কৰাৰ পিছতে বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়।

বনবিভাগৰ লোকে  বজ্ৰপাতৰ ফলতে এনেদৰে হাতী কেইটাৰ মৃত্যুক ঘটিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছিল যদিও ৰাজ্যৰ এগৰাকী আগশাৰীৰ হস্তী বিশেষজ্ঞ বিজয়ানন্দ চৌধুৰীয়ে হাতী কেইটাৰ  বিষক্ৰিয়াজনিত কাৰণতে মৃত্যু হোৱাৰ সম্ভাৱনা বেছি বুলি সন্দেহ ব্যক্ত কৰিছিল।

একেলগে এনেদৰে ১৮ টাকৈ বন্যহস্তীৰ মৃত্যুৱে এতিয়া ব্যথিত কৰি তুলিছে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী লোকসকলক।