NORTHEAST NOW (Assamese)

ৰক্তদানেৰে বহুতৰ জীৱন ৰক্ষা কৰা বিশ্বনাথৰ যুৱকৰ আত্মহত্যা

June 19, 2019 9:37 am · কাজি জেইদুল ইছলাম 
পাৰ্থ বেনাৰ্জী

অৰ্ধশতাধিক বাৰ ৰক্তদান কৰি বহুলোকৰ জীৱন ৰক্ষা কৰা যুৱক তথা সদৌ অসম বাঙালী যুৱ ফেডাৰেশ্যনৰ বিশ্বনাথৰ প্ৰতিষ্ঠাপক, বিশ্বনাথ চাৰিআলি ৰক্তদান সন্থাৰ প্ৰতিষ্ঠাতা পাৰ্থ বেনাৰ্জীয়ে (৩৬) আত্মহত্যা কৰাক লৈ বিশ্বনাথত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।

নিজৰ তেজৰে বহুতকে জীৱন দান দিয়া বিশ্বনাথ চাৰিআলিৰ সৰবৰাহী যুৱক পাৰ্থ বেনাৰ্জীৰ মৃতদেহ নিজ ঘৰত চিপ লৈ থকা অৱস্থাত সোমবাৰে পুৱা উদ্ধাৰ হয়।

পাৰ্থ বেনাৰ্জী আছিল এজন ভাল ক্ৰিকেট খেলুৱৈ। সদায় আনৰ বাবে চিন্তা কৰা পাৰ্থই কিয় এই চৰম পন্থা ল’লে সেইয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও একাংশৰ মতে কেইদিন মানৰ পৰা পাৰ্থই চৰম হতাশাত ভুগি থকাৰ বাবে এনে এক চৰম সিন্ধান্তই সকলোকে আৱেগিক কৰি তোলাৰ লগতে সকলোকে আচম্বিত কৰি তুলিছে ৷

কেইবাটাও বাঙালী জাতীয় সংগঠনৰ লগত সক্ৰিয়ভাৱে জড়িত পাৰ্থ বেনাৰ্জীৰ বিয়োগত বিশ্বনাথ জিলা সাংবাদিক সন্থা, বিশ্বনাথ জিলা আপকু, সদৌ অসম বেংগলী যুৱ ফেডাৰেশ্যনৰ বিশ্বনাথ জিলা সমিতি, বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা আৰু আঞ্চলিক সমিতি, বিশ্বনাথ জিলা সংগ্ৰামী যুৱ ছাত্ৰপৰিষদ, বিশ্বনাথ আটচা, আছা, আগসু, টাই আহোম যুৱ পৰিষদ, কাৰ্বি ছাত্ৰ সন্থা আদি ভালেমান অনুষ্ঠান প্ৰতিষ্ঠানে বেনাৰ্জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

আনহাতে যুৱক গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই সোমবাৰে বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বিশ্বনাথ চাৰিআলিৰ সকলো দোকান-পোহাৰ বন্ধ ৰখা হয় ।

Related News