NORTHEAST NOW (Assamese)

বিশিষ্ট অসমীয়া চলচ্চিত্ৰ পৰিচালক তিম’থী দাস হাঞ্চেৰ দেহাৱসান

September 28, 2025 8:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 28, 2025 7:35 pm

অসমীয়া চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, সংগীত পৰিচালক তথা গীতিকাৰ তিম’থী দাস হাঞ্চেৰ আজি দেওবাৰে দেহাৱসান হয়। ৰাজ্যবাসী গণশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ শোকত থকাৰ সময়তে, গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দিনৰ ১২ বাজি ১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে অসমৰ সংস্কৃতিক জগতৰ আন এগৰাকী মহীৰূহে। এই খবৰে ৰাজ্যৰ সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ পৰিছে।

উল্লেখ্য যে তিম’থী দাস হাঞ্চেৰ অৱদানে অসমীয়া চিনেমাক নতুন মাত্ৰা প্ৰদান কৰিছিল, যি ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰ’ব। তেওঁৰ দ্বাৰা পৰিচালিত ছবিসমূহে অসমীয়া দৰ্শকৰ হৃদয় আজিও মোহাচ্ছন্ন কৰি ৰাখিছে। ২০০৯ চনত মুক্তিলাভ কৰা তেওঁৰ প্ৰথম ছবি ‘জীৱন বাটৰ লগৰী’ ছবিখনৰ কাহিনী, সংগীত আৰু গীতৰ সৃষ্টিকৰ্তা আছিল হাঞ্চে নিজে। ছবিখনত অভিনয় কৰিছিল নিপন গোস্বামী, মলয়া গোস্বামী, অৰুণ নাথ, ৰাগ ঐনিতম, কপিল বৰা, শ্যামন্তিকা শৰ্মা, হিৰণ্য ডেকা আদি জনপ্ৰিয় শিল্পীসকলে। বিশেষকৈ ‘যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে/ যদি আশাৰ চাকিবোৰ উমি উমি জ্বলে/ তথাপি বন্ধু আগুৱাই যাবা/ পিছলৈ ঘূৰি নাচাবা…’ এই গীতটোৱে দৰ্শকৰ মাজত অমৰ হৈ থাকিব। এই গীতটোত কণ্ঠ দিছিল জুবিন গাৰ্গে। তেওঁৰ ২০১১ চনত মুক্তিলাভ কৰা দ্বিতীয় ছবি ‘পলে পলে উৰে মন’ত অভিনয় কৰিছিল নিপন গোস্বামী, মলয়া গোস্বামী, অৰুণ হাজৰিকা, ৰবি শৰ্মা, বৰষা ৰাণী বিষয়া, গায়ত্ৰী মহন্ত, ৰিম্পী দাস, সৌৰভ হাজৰিকা, ৰাজা মুৰাদ আদি শিল্পীয়ে।

তিম’থী দাস হাঞ্চেৰ আন এটা পৰিচয় হৈছে তেওঁ এগৰাকী অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়া আছিল। তেওঁ অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰ মৃত্যুৱে অসমীয়া চলচ্চিত্ৰৰ এক যুগৰ অৱসান ঘটালে। তিম’থী দাস হাঞ্চেৰ অৱদানে অসমীয়া সংস্কৃতিক চিৰদিনৰ বাবে সমৃদ্ধ কৰি ৰাখিব।

Related News