NORTHEAST NOW (Assamese)

বিশ্বৰ প্ৰসিদ্ধ ৰক গিটাৰিষ্ট জেফ বেকৰ দেহাৱসান

January 12, 2023 4:25 pm · এন ই নাও নিউজ, গুৱাহাটী

বিশ্বৰ অন্যতম প্ৰসিদ্ধ ৰক গিটাৰিষ্ট  কিংবদন্তি জেফ বেকৰ দেহাৱসান ঘটিছে। তেওঁ ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ।

বেকৰ ইয়াৰ্ডবাৰ্ডত উত্থান ঘটিছিল। তাৰ পিছত তেওঁ এৰিক ক্ল্যাপটনত কাম কৰিছিল। পিছত তেওঁ ৰড ষ্টিৱাৰ্টৰ সৈতে জেফ বেক গ্ৰুপ গঠন কৰিছিল।

১৯৬০-ৰ দশকত সংগীত জগতে তেওঁৰ গীটাৰত ভিন্ন সোৱাদ লাভ কৰিছিল। হেভি মেটেল আৰু জাজ ৰকৰ পৃথিৱীত এক বিপ্লৱৰ সূচনা হৈছিল।

বেকৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰাই তেওঁৰ মৃত্যুৰ বাতৰিটো নিশ্চিত কৰা হৈছে।

এক বিবৃতি যোগে জনোৱা হৈছে যে “তেওঁৰ পৰিয়ালৰ হৈ এই শোক আৰু গভীৰ দুখৰ খৱৰটো সকলোকে জনোৱা হ’ল।‘’

 বেক্টেৰিয়াৰ আকস্মিক সংক্ৰমণৰ ফলত তেওঁৰ মৃত্যু হোৱা বুলি কোৱা হৈছে।

Related News