NORTHEAST NOW (Assamese)

ঘৰতেই হাৰ্ট এটেক, মুম্বাইৰ চিকিৎসালয়ত ভৰ্তি আশা ভোছলে; আই চি ইউত চিকিৎসাধীন

April 12, 2026 8:51 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:21 am

বৰ্ষীয়ান সংগীতশিল্পী আশা ভোছলেক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তিকৰা হৈছে। সূত্ৰ অনুসৰি শনিবাৰে বিয়লি তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হয়। তেওঁ কাৰ্ডিয়াক এৰেষ্টত আক্ৰান্ত হৈছে।

জানিব পৰা মতে, নিজৰ ঘৰতে আছিল কিংবদন্তি নেপথ্য কণ্ঠশিল্পীগৰাকী। কাৰ্ডিয়াক এৰেষ্টত আক্ৰান্ত হৈ পৰাত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি বৰ্তমান তেওঁক জৰুৰীকালীন চিকিৎসা সেৱা ইউনিটত ৰখা হৈছে। চিকিৎসকে তেওঁৰ শাৰীৰিক অৱস্থাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। চিকিৎসালয়ৰ চিকিৎসক প্ৰতীত সামদানীয়ে তেওঁৰ ভৰ্তিৰ বিষয়টো নিশ্চিত কৰে।

দুপৰীয়া গৃহকৰ্মীগৰাকীয়ে দেখে যে প্ৰবীণ শিল্পীগৰাকীয়ে অসুস্থবোধ কৰিছে আৰু অচেতন হ’বলৈ ওলাইছে। তেওঁ খৰধৰকৈ ঘৰৰ সদস্যসকলক মাতে। লগে লগে আশা ভোছলেক চিকিৎসালয়লৈ লৈ যোৱা হয়।

৯৩ বছৰীয়া আশা ভোছলে ভাৰতীয় সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বহুমুখী কণ্ঠশিল্পী হিচাপে পৰিচিত। সাত দশকৰো অধিক সময় ধৰি বিভিন্ন ভাষা আৰু ধাৰাত হাজাৰ হাজাৰ গীত গাই দৰ্শকক মন্ত্ৰমুগ্ধ কৰি আহিছে।

১৯৩৩ চনৰ ৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা আশা ভোছলে প্ৰয়াত কিংবদন্তি গায়িকা লতা মংগেশকাৰৰ ভগ্নী। ঘৰতে সংগীতৰ পৰিবেশত ডাঙৰ-দীঘল হৈছিল। ১৯৪৮ চনত ‘চুনাৰীয়া’ চিনেমাৰ ‘শাৱন আয়া’ গীতেৰে বলীউডত অভিষেক ঘটায়। ইয়াৰ পূৰ্বে তেওঁ মাৰাঠী ভাষাত গীত গাইছিল।

শচীন দেৱবৰ্মন, ৰাহুল দেৱবৰ্মন, এ আৰ ৰহমান আদি সকলো শীৰ্ষ সুৰকাৰ আৰু সংগীতজ্ঞৰ সৈতে কাম কৰি আহিছে। দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছে। হিন্দীৰ বাহিৰেও তেওঁ ২০টা ভাৰতীয় আৰু বিদেশী ভাষাত গীত গাইছে।

Related News