NORTHEAST NOW (Assamese)

ল’কডাউনৰ বাবে বজাৰৰ অভাৱত গছতে পচিছে চামগুৰিৰ ব্ৰহ্মচাৰি সত্ৰৰ নেমু খেতি

April 19, 2020 9:55 am · ভাৰ্গব হাজৰিকা
Updated: April 19, 2020 9:56 am

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশত অব্যাহত থকা ল’কডাউনৰ বাবে সাপ্তাহিক তথা দৈনিক বজাৰ সমূহ বন্ধ হৈ পৰাত ৰাজ্যৰ খেতিয়কসকল যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে।

নগাঁও জিলাৰ চামগুৰিৰ ঐতিহাসিক ব্ৰহ্মচাৰী সত্ৰৰ একাংশ কৃষকে নেমুটেঙা খেতি কৰি বিপাঙত পৰিছে। পূৰ্বৰ বছৰসমূহত এইখিনি সময়ত নেমুটেঙা উচিত মূল্যত বিক্ৰী কৰি নিজৰ লগতে পৰিয়াল পোহপাল দিয়া ব্ৰহ্মচাৰী সত্ৰৰ প্ৰায় শতাধিক খেতিয়কে ল’কডাউনৰ বাবে সেইসমূহ বিক্ৰী কৰিব নোৱাৰি এতিয়া মূৰে কঁপালে হাত দিছে।

ল’কডাউনৰ ফলত এতিয়া লোমালোমে গছত লগা নেমুটেঙা বিক্ৰীৰ অভাৱত গছতে শুকাবলৈ ধৰিছে। বহু সংখ্যক কৃষকে বেংক, বন্ধন গোট আদিৰ পৰা ঋণ লৈ নেমুটেঙা খেতি কৰিছিল।

সেয়ে ৰাজ্যৰ কৃষি মন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ প্ৰতি তেওঁলোকৰ আহ্বান মুৰৰ ঘাম মাটিত পেলাই কৰা নেমুটেঙা খেতিসমূহ যাতে উচিত মূল্য দি বিক্ৰীৰ ব্যৱস্থা কৰে।

Related News