NORTHEAST NOW (Assamese)
অসম

আই আই টি গুৱাহাটীত পিঞ্জৰাবদ্ধ হ’ল প্ৰকাণ্ড নাহৰফুটুকী বাঘ

Posted by: এন ই নাও নিউজ November 12, 2018 12:19 pm
Drxyjb2VAAAwzC4

আজি আই আই টি গুৱাহাটীৰ চৌহদত পিঞ্জৰাবদ্ধ হ’ল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ। প্ৰতিষ্ঠানখনৰ চৌহদত বন বিভাগে পতা পিঞ্জৰাত প্ৰকাণ্ড বাঘটো আবদ্ধ হয়। কেইবা দিনৰে পৰা বিচৰণ কৰি থকা নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ পাছত  সামান্যভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে, একাংশ লোকে আই আই টি গুৱাহাটীৰ চৌহদৰ আশে-পাশে আৰু এনেধৰণে বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে দেশৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ চৌহদত যোৱা ১০ নৱেম্বৰত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ মুক্তভাৱে বিচৰণ কৰি থকা দেখা গৈছিল। বাঘটোৱে খাদ্য বিচাৰি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত ঘূৰি ফুৰা বুলি অনুমান কৰা হৈছিল

বাঘ ওলোৱাৰ খবৰ পোৱাৰ পাছতে বনকৰ্মীৰ এটা দল প্ৰতিষ্ঠাখনৰ চৌহদত উপস্থিত হৈ বাঘটো কৰায়ত্ত কৰিবলৈ বন বিভাগৰ লোকে এটা প্ৰকাণ্ড পিঞ্জৰা সংস্থাপন কৰিছিল। নাহৰফুটুকীটোক পিঞ্জৰাবদ্ধ কৰিবলৈ টোপ হিচাপে এটা ছাগলীও ব্যৱহাৰ কৰিছিল।

দীৰ্ঘদিনৰ পৰা সন্ত্ৰাসৰ সৃষ্টি কৰি অহা বাঘটোৱে আই আই টি গুৱাহাটীৰ সঞ্চালকৰ চৌহদতেই বাঘে এটা কেটেলা পহু ভক্ষণ কৰাক লৈ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত এক উৎকণ্ঠাময় পৰিৱেশৰ সৃষ্টি হৈছিল।

আজি বাঘটো বন বিভাগৰ পিঞ্জৰাত আবদ্ধ হোৱাৰ পাছত সকলোৱে স্বস্তি প্ৰকাশ কৰিছে যদিও আশে পাশে আৰু বাঘ থকাৰ সন্দেহত নিজৰ শংকাৰ কথাও প্ৰকাশ কৰিছে।