NORTHEAST NOW (Assamese)

আজি ৰাখী বন্ধন: জানো আহক ৰাখী বন্ধনৰ তাৎপৰ্য

August 30, 2023 7:34 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 30, 2023 1:03 am

আজি পবিত্ৰ ৰাখী বন্ধন। দেশজুৰি উদযাপিত হ’ব এই উৎসৱ। ৰাখী বন্ধন দেশৰ এক অন্যতম প্ৰধান উৎসৱ। ভাৰতত বহু দশক ধৰি পৰম্পৰাগতভাবে পালন কৰি অহা হৈছে ৰাখী বন্ধন। ভাতৃ-ভগ্নীৰ মাজৰ পবিত্ৰ সম্পৰ্ক আৰু নিভাঁজ মৰমক সন্মান জনাই এই উৎসৱ পালন কৰা হয়।

এই দিৱস উদযাপন কেৱল ভাই-ভনীৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ সামগ্ৰিকভাৱে পৰিয়াল তথা আত্মীয়-স্বজনলৈকে বিস্তৃত। শাওন মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয় এই উৎসৱ পালন কৰা হয়। সেয়ে শাওন মাহৰ পূৰ্ণিমাৰ দিনটোক ৰাখী পূৰ্ণিমা বুলি অভিহিত কৰা হয়।

ৰাখী বন্ধন, হিন্দীত ‘ৰক্ষা বন্ধন’ৰ আক্ষৰিক অনুবাদ হৈছে ‘ৰক্ষাৰ বান্ধোন’। পৰম্পৰাগতভাৱে ভগ্নীয়ে ভাতৃৰ হাতত ৰাখী বান্ধি দিয়ে আৰু বিনিময়ত ভাতৃয়ে ভগ্নীক  ৰক্ষা কৰাৰ প্ৰতিজ্ঞা কৰে। 

পূৰ্বে ভাই-ভনীৰ মাজৰ বন্ধনক সন্মান জনাই উদযাপন কৰা এই উৎসৱটো এতিয়া লিংগ আৰু বৰ্ণ নিৰ্বিশেষে ব্যাপকভাৱে উদযাপন কৰা দেখা যায়। প্ৰেম, সন্মান আৰু সুৰক্ষাৰ বিশুদ্ধ প্ৰতীক হিচাপে এই দিৱস সকলোৱে পালন কৰে। ইয়াৰ উদ্দেশ্য হৈছে বিশ্ব ঐক্যৰ ভাৰতীয় মূল্যবোধ।

ভাৰতীয় ইতিহাসতো এই উৎসৱৰ তাৎপৰ্য আছে। যুদ্ধৰ আগতে যোদ্ধাসকলৰ সুৰক্ষাৰ বাবে সুৰক্ষামূলক সূতা বান্ধি দিয়া হৈছিল। হিন্দু পৌৰাণিক কাহিনীত এনেকুৱা কাহিনী আহিছে যিয়ে ভাই-ভনীৰ মাজত বন্ধনৰ গুৰুত্ব দেখুৱাই সুৰক্ষা, প্ৰেম, আৰু সন্মানক সুৰক্ষা বন্ধনৰ ধাৰণা হিচাপে উজ্জ্বল কৰি তুলিছে। 

Related News