NORTHEAST NOW (Assamese)

আৰক্ষীৰ চকুত ধূলি দি সাধুৰ সাজত ৩৭ বছৰ; অৱশেষত জালত পৰিল যাৱজ্জীৱন কাৰাদণ্ডপ্ৰাপ্ত অপৰাধী

December 14, 2025 11:49 am · এন ই নাও নিউজ, গুৱাহাটী

যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পোৱা অভিযুক্তগৰাকীয়ে জামিন লাভ কৰি পলায়ন কৰাই নহয়, সাধুৰ বেশত এটা মন্দিৰৰ পৰা আন এটা মন্দিৰলৈ ঘূৰি ফুৰি আৰক্ষীৰ চকুত ধূলি দি ৩৭ বছৰ কটালে। অৱশেষত উত্তৰ প্ৰদেশৰ এচিড আক্ৰমণৰ গোচৰৰ অভিযুক্ত ৰাজেশ ওৰফে ৰাজু মধ্যপ্ৰদেশৰ এক ধৰ্মীয় স্থানৰ পৰা আৰক্ষীৰ জালত ধৰা পৰিল।

১৯৮৬ চনৰ আগষ্ট মাহত উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাৰ তিহাৰ থানা এলেকাত গংগাদিন আৰু ওম প্ৰকাশ ৰাষ্টোগী নিজৰ গহনা দোকানলৈ গৈ আছিল। গহনা ধুবলৈ তেওঁলোকৰ লগত এচিডৰ বটল এটা আছিল।

ৰাস্তাত সিহঁতৰ বাট বন্ধ কৰি ৰিক্সাৰ পৰা নমাই মাৰপিট কৰিবলৈ ধৰিলে ৰাজুৱে। ইয়াৰ পিছত দুয়োৰে ওপৰত এচিড ঢালি দিলে। এই ঘটনাত দুয়োজন গুৰুতৰভাৱে আহত হয়। পিছত গংগাদীনৰ অভিযোগত তিহাৰ আৰক্ষীয়ে ৰাজুক গ্ৰেপ্তাৰ কৰি এক নিৰ্দিষ্ট ধাৰাত গোচৰ ৰুজু কৰে।

১৯৮৮ চনৰ মে’ মাহত এলাহাবাদ উচ্চ ন্যায়ালয়ে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। লগতে হত্যাৰ চেষ্টাৰ অপৰাধত ৰাজুক আৰু ৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।

শাস্তি ঘোষণা হোৱাৰ পিছত এবাৰ জামিন লাভ কৰে। কিন্তু তাৰ পিছৰ পৰা তেওঁক কোনো বিচাৰত দেখা পোৱা নগৈছিল।

শ্বাহজাহানপুৰৰ আৰক্ষী অধীক্ষক ৰাজেশ দ্বিবেদীৰ মতে, “ৰাজুক মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ গায়ত্ৰী শক্তি পীঠৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। জামিন পাই পলায়নৰ পৰাই তেওঁ সাধুৰ বেশত বিভিন্ন ধৰ্মীয় স্থানত আত্মগোপন কৰিছিল। কোনো এটা ঠাইত দুমাহৰ পৰা চাৰি মাহতকৈ বেছি সময় নাথাকিছিল। সন্ন্যাসীৰ বেশত গায়ত্ৰী শক্তিপীঠতো লুকাই আছিল।”

তেওঁ কয় যে ৰাষ্ট্ৰীয় স্বয়ংক্ৰিয় আঙুলিৰ ছাপ চিনাক্তকৰণ ব্যৱস্থাৰ জৰিয়তে বিভিন্ন স্থানৰ পৰা অভিযুক্তৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰি তেওঁৰ সন্ধান উলিয়ায়। শীঘ্ৰেই তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ব।

Related News