NORTHEAST NOW (Assamese)
Popular Stories

এটা কণীৰ বাবে সংঘটিত হোৱা হত্যাকাণ্ডৰ ৰায়; তিনিজনক যাৱজ্জীৱন কাৰাদণ্ড

Posted by: নিখিল মুন্দ্ৰা Updated by: নিখিল মুন্দ্ৰা June 12, 2019 7:28 pm

হোজাইৰ শংকৰদেৱ নগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে আজি এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। শংকৰদেৱ নগৰৰ এম এছ দেউৰীৰ আদালতে পতি-পত্নীসহ তিনিজনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। লগতে ২০ হাজাৰ টকাৰ জৰিমনাও বিহে তেওঁলোকক।

আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা কেইজনক ক্ৰমে যোগীজান ৰাধানগৰৰ মোহন বিশ্বাস, তেওঁৰ পত্নী শ্যামলী বিশ্বাস আৰু মণি মজুমদাৰ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত তিনিওজনে ২০১৪ চনৰ ১৪ আগষ্টত এটা মূৰ্গীৰ কণী লৈ হোৱা কাজিয়াৰ পৰিণতিত প্ৰতিবেশী ৰুবী পণ্ডিতক কেৰাচিন ঢালি জ্বলাই হত্যা কৰিছিল।

আৰু ২০১৪ চনতে ঘটনা সংক্ৰান্তত হোজাই থানাত ৪৪৮/৩০২/৩৪ ধাৰাৰ অধীনত ৪৫০/১৪ নম্বৰত এক গোচৰ ৰুজু হৈছিল।

উক্ত গোচৰতে আজি আদালতে তিনিওকে ২০ হাজাৰ টকাৰ জৰিমনাসহ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। গোচৰটোত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল অধিবক্তা অমৰজ্যোতি শইকীয়াই।