NORTHEAST NOW (Assamese)
অসম

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 3, 2025 3:47 pm

শেহতীয়াকৈ মানৱ সৰবৰাহৰ বিৰুদ্ধে অভিযানত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সুৰক্ষা বাহিনীয়ে ২৫ জুনৰ পৰা ২৯ জুনৰ ভিতৰত বিভিন্ন ৰে’ল ষ্টেচনৰ পৰা ২২ জন নাবালক আৰু ৫ জন প্ৰাপ্তবয়স্কক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

এই পাঁচদিনীয়া অভিযানত আৰ পি এফৰ দলসমূহে দুৰ্বল ব্যক্তিসকলক সুৰক্ষা প্ৰদানৰ বাবে কাম কৰিছে। উদ্ধাৰ কৰা গোটটোত আছিল ২২টা শিশু আৰু পাঁচজন প্ৰাপ্তবয়স্ক। তেওঁলোকক নিৰাপদে চাইল্ড লাইন কৰ্তৃপক্ষৰ, স্থানীয় বেচৰকাৰী সংস্থা (এন জি অ’), তেওঁলোকৰ পিতৃ-মাতৃ, আৰু আৰক্ষীৰ হাতত সঠিক যত্ন আৰু সহায়ৰ বাবে গতাই দিয়া হয়।

উল্লেখ্য যে তেওঁলকে আৰ পি এফে “মেৰী সাহেলী” নামৰ এক বিশেষ কাৰ্যসূচীও চলাই আছে, যিটো মহিলা ভ্ৰমণকাৰীক বিশেষকৈ অকলে যাত্ৰা কৰা মহিলা ভ্ৰমণকাৰীসকলক সুৰক্ষিত কৰি ৰাখিবলৈ ৰচনা কৰা হৈছে। ইয়াৰ বাবে তেওঁলোকে মহিলা বিষয়াৰ দল গঠন কৰিছে যিয়ে মহিলা যাত্ৰীৰ সুৰক্ষা সক্ৰিয়ভাৱে নিৰীক্ষণ আৰু নিশ্চিত কৰে। তেওঁলোকৰ এই প্ৰচেষ্টাই ৰে’লত বহু মহিলাৰ বাবে অধিক নিৰাপদ ভ্ৰমণ অভিজ্ঞতা সৃষ্টি কৰাত সহায় কৰিছে।

মহিলা আৰু শিশুৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দ্ৰুত পদক্ষেপ গ্ৰহণ, নিয়মীয়া টহল দিয়া, বিভিন্ন সহায়ক ব্যৱস্থা প্ৰদান কৰি যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে আৰ পি এফে প্ৰতিশ্ৰুতিবদ্ধ বুলি সদৰী কৰিছে।