NORTHEAST NOW (Assamese)

বিশ্বজয়ৰ সুখ! আকাংক্ষিত ‘স্বৰ্ণ পৰী’ বুকুত সাবটি নিশাজুৰি সুখানুভূতিৰ স্বাদ ল’লে মহাসেনানীৰ মহানায়কে

December 20, 2022 8:24 pm · এন ই নাও নিউজ, গুৱাহাটী

কত দিনৰ স্বপ্ন এয়া! কত বৰ্ষৰ আকাংক্ষা! এই স্বপ্নৰ পাখি খেদি প্ৰায় স্পৰ্শ কৰোঁ কৰোঁ অৱস্থাতেটো এদিন আশাহত হৈছিল ব্ৰাজিলত; তাৰ পিছতে পুনৰ ৰাছিয়াত। তাৰ পাছতো অন্ত পৰা নাই হাবিয়াস। অন্ত পৰেই বা কেনেকৈ! নহ’লে যে আধৰুৱা হৈ ৰোৱাৰ এক ব্যথাই খেদি ফুৰিব ওৰেটো জীৱন! এই ব্যথা-গ্লানিৰ পৰা মুক্ত হোৱাৰ দৃঢ় পণ লৈয়ে এজাক মহাসেনানী লগত লৈ কাটাৰত অৱতৰণ কৰিছিল মহানায়কে।

মহানায়ক, মহানায়ক মেছি। ৰাজপুত্ৰ মাৰাডোনাৰ উত্তৰসূৰী মেছি। বিশ্বকাপ জয়ৰ অৰ্থ এই মহানায়কৰ বাবে কি আছিল তাৰ কোনো সংজ্ঞাৰ প্ৰয়োজন নাই। আৰু অৱশেষত…… লুচাইল ষ্টেডিয়ামত আহিল সেই চৰম আকাংক্ষিত ক্ষণ! স্বৰ্ণিল খিতাপত স্পৰ্শ কৰাৰ, পৰমাবেগেৰে এক ভাবুক চুম্বন দিয়াৰ বৰ্ষজোৰা প্ৰতীক্ষাৰ অৱসান ঘটোৱাৰ মহাক্ষণ।

লুচাইলত ফৰাচী নৱজাগৰণৰ ধুমুহাক ভেটা দি পৰম আহ্লাদিত হৈ উঠিল নীলা-বগা পোচাকেৰে বিশ্বজয়ী মহাসেনানীৰ জাক; মহাসেনানীৰ মধ্যমণি মেছি নামৰ সেই বিৰল প্ৰতিভাধৰ তাৰকাগৰাকী। তাৰ পাছতেই পৰম আকাংক্ষিত স্বৰ্ণ পৰী বুকুত বান্ধি বিশ্বজয়ৰ গৰ্বৰে ভৰি দিলে মাতৃভূমিত।

বিশ্বকাপ জয়ৰ পাছতে নিজৰ ছ’চিয়েল মিডিয়া প্ৰফাইলৰ জৰিয়তে মেছিয়ে কেইবাখনো ফটো পোষ্ট কৰিছে। আজি তাৰকাগৰাকীয়ে শ্বেয়াৰ কৰিছে তিনিখন বিশেষ ফটো। বিশ্বকাপ ট্ৰফী সাবটি ধৰি বিশ্বজুৰি থকা অলেখ অযুত অনুৰাগীক জনাইছে ৰাতিপুৱাৰ সম্ভাষণ।

 

View this post on Instagram

 

A post shared by Leo Messi (@leomessi)


মেছিৰ এই ফটোকেইখনে মুহূৰ্তে ই-বিশ্বত তুলিলে লহৰ। এয়া যেন প্ৰেমাস্পদৰ সৈতে চিৰ আকাংক্ষিত, চিৰ প্ৰতীক্ষিত মহা আলিঙ্গনৰ সুখানুভূতি! প্ৰাণৰ আপোন তাৰকাগৰাকীৰ এই সুখানুভূতিয়ে স্পৰ্শ কৰিছে বিশ্ব নাগৰিককো। কত দিনৰ যে স্বপ্ন এয়া!

Related News