NORTHEAST NOW (Assamese)

প্ৰতি ঘণ্টাত ২৮ কোটি টকা উপাৰ্জন; প্ৰকাশ পালে বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকা

August 19, 2019 5:01 pm · এন ই নাও নিউজ
Updated: August 19, 2019 6:32 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

আপোনালোকে হয়তো বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি জেফ বেজোচক জানে, কিন্তু আপোনালোকে বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ বিষয়ে গম পাইনে?

বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ উপাৰ্জন দেখিলে আপোনাৰ চকু কপালত উঠিব। বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালটোৱে প্ৰতি ঘণ্টাত উপাৰ্জন কৰে ২৮ কোটি টকা।

ভাৰতৰ আম্বানি পৰিয়ালৰ নামো বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালবোৰৰ নামৰ তালিকাত অন্তৰ্ভূক্ত হৈছে।

ব্লুমবাৰ্গে বিশ্বৰ শীৰ্ষৰ ২৫ টা ধনী পৰিয়ালৰ নাম প্ৰকাশ কৰিছে যাৰ মুঠ সম্পত্তিৰ তালিকা ভাৰতীয় টকাৰ হিচাপত প্ৰায় ডেৰ লাখ কোটি টকা।

বিশ্বৰ ধনী পৰিয়ালৰ শীৰ্ষত থকা পৰিয়ালটো হৈছে ছুপাৰ মাৰ্কেট ‘ৱালমাৰ্ট’ৰ গৰাকী। সূত্ৰত উল্লেখ কৰা মতে, ৱালমাৰ্ট পৰিয়ালে প্ৰতি মিনিটত ৫০ লাখ টকা, প্ৰতি ঘণ্টাত প্ৰায় ২৮ কোটি ৪৬ লাখ টকা আৰু এদিনত ৭ বিলিয়ন ১২ কোটি টকা উপাৰ্জন কৰে।

আনহাতে, ৱালমাৰ্ট পৰিয়ালৰ পাছতে তালিকাৰ দ্বিতীয় স্থানত আছে মাৰ্চ পৰিয়াল। মাৰ্চ পৰিয়ালৰ প্ৰতিষ্ঠানটোৱে মাৰ্চ বাৰছ চকলেট নিৰ্মাণ কৰে।

একেসময়তে, তালিকাত ফেৰাৰী, বি এম ডব্লিউ আৰু হায়াট হস্পাতাল গ্ৰুপৰ পৰিয়ালৰ নামো অন্তৰ্ভূক্ত হৈছে।

ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানিৰ পৰিয়ালৰ নামো তালিকাৰ নৱম স্থানত অন্তৰ্ভূক্ত হৈছে। আম্বানি পৰিয়ালৰ মুঠ উপাৰ্জন হৈছে ৫০৪০ কোটি টকা।

Related News