NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত ৯৬ গৰাকী হিতাধিকাৰীৰ মাজত ঋণ বিতৰণ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম September 10, 2020 6:17 pm
IMG202009101153

 বিশ্বনাথ জিলাৰ শিক্ষিত আৰু কৰ্মুখী লোক সকলক স্ব-নিয়োজন আৰু আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে বিশ্বনাথৰ জিলা বেংক প্ৰবন্ধকৰ উদ্যোগত আৰু বিশ্বনাথ জিলা প্ৰশাসনৰ সহযোগত জিলাখনত এলানি ঋণ মেলাৰ আয়োজন কৰা হৈছে।

জিলাখনৰ বিভিন্ন স্হানত ৪ দিনীয়াকৈ অনুষ্ঠিত হব লগা এই ঋণ মেলাৰ আজি বিশ্বনাথ চাৰিআলিত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয়।

আজি দিনৰ ১১ বজাত বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ সন্মিলন কক্ষত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ উপায়ুক্ত ধ্ৰুৱজ্যোতি দাস, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ট্ৰিপুৰেন্দ্ৰ পাটৰ, অগ্ৰনী জিলা প্ৰবন্ধক কৃষ্ণ ভৌমিকৰ লগতে বিশ্বনাথৰ বেংক প্ৰবন্ধক সমুহৰ উপস্থিতিত এই ঋণ মেলাখনি অনুষ্ঠিত হয়।

আজিৰ এই ঋণ মেলাত কৃষি ঋণ, আত্ম সহায়ক গোটৰ ঋণ, মুদ্ৰা ঋণ, হস্ততাঁত ঋণ, মীন পালন, ব্ৰইলাৰ পামৰ ঋণ আৰু দুগ্ধ তথা দুগ্ধজাত সামগ্ৰী উৎপাদনৰ লগত জড়িত কৃষককে ধৰি মুঠ ৯৬ গৰাকী হিতাধিকাৰীৰ মাজত মুঠ ২ কোটি ২৪ লাখ ৪৩ হাজাৰ আঠশ টকাৰ ঋণ প্ৰদান কৰা হয়।

ঊল্লেখযোগ্য যে ১১ ছেপ্তেম্বৰত দিনৰ ১১ বজাত বিহালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত, ১৪ ছেপ্তেম্বৰত ১১ বজাত চতিয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ত আৰু ১৫ ছেপ্তেম্বৰত ১১ বজাত জিলাখনৰ গহপুৰ মহকুমাৰ অন্তৰ্গত ছয়দুৱাৰ মহাবিদ্যালয়ত পৰৱৰ্তী ঋণ মেলাসমুহ অনুষ্ঠিত হব।

উক্ত দিন বোৰত সংশ্লিষ্ট এলেকাৰ নিৰ্বাচিত হিতাধিকাৰী সকলৰ মাজত ঋণ প্ৰদান কৰা হব বুলি  জিলা প্ৰবন্ধক গৰাকীয়ে জানিবলৈ দিছে।