NORTHEAST NOW (Assamese)
অসম

মিজোৰামত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১৩৩৩ গৰাকীলৈ বৃদ্ধি; বৰ্তমানলৈ মৃত্যু হোৱা নাই কোনো লোকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 10, 2020 6:20 pm
মিজোৰামত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১৩৩৩ গৰাকীলৈ বৃদ্ধি; বৰ্তমানলৈ মৃত্যু হোৱা নাই কোনো লোকৰ

মিজোৰামত নতুনকৈ ১৪১ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ১৩৩৩ গৰাকীলৈ বৃদ্ধি পায়।

মিজোৰামৰ তথ্য আৰু জনসংযোগ বিভাগে টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।

মিজোৰামত ক’ৰ’না আক্ৰান্ত হোৱা লোক সকলৰ ভিতৰত ১,১০৮ গৰাকী পুৰুষ আৰু ২২৫ গৰাকী মহিলা।

বৰ্তমানলৈ ৰাজ্যখনত মুঠ ৭৫০ গৰাকী লোক চিকিৎসাৰ অন্তত সুস্থ হৈ উঠিছে।

মিজোৰামত এতিয়ালৈ ৫৮৩ গৰাকী সক্ৰিয় কোভিড ৰোগী বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে দুগৰাকী লোক সুস্থ হৈ উঠাৰ পাছত নিজ ৰাজ্যলৈ উভতি গৈছে।

বৰ্তমানলৈ মিজোৰামত এগৰাকী লোকৰো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা নায়।

আনহাতে, বুধবাৰৰ দিনটোত মিজোৰামত বৰ্তমানলৈ সৰ্বাধিক সংখ্যক ৬৯ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

বুধবাৰে ক’ৰ’না আক্ৰান্ত হোৱা ৬৯ গৰাকী লোকৰ ভিতৰত ৪৮ গৰাকী সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান।