NORTHEAST NOW (Assamese)

এয়া কি কৰিলে বিজেপি নেতাই! যুৱতীক অপহৰণ কৰি নি গণধৰ্ষণ, ক’ত ঘটিছে এই ঘৃণনীয় ঘটনা?

February 22, 2021 10:53 am · এন ই নাও নিউজ
Updated: February 22, 2021 10:57 am

এগৰাকী  ২০ বছৰীয়া যুৱতীক অপহৰণ কৰি নি ধৰ্ষণ কৰাৰ ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটোত এজন বিজেপি নেতা জৰিত থকাৰ কথাই এতিয়া হতভম্ব কৰি তুলিছে বহুতকে।

ইতিমধ্যে বিজেপিৰ নেতা জনৰ লগতে মুঠ চাৰি জনৰ বিৰুদ্ধে আৰক্ষী থানাত ৰুজু হৈছে গোচৰ।

ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশত।মধ্য প্ৰদেশৰ শাহদুল জিলাৰ জেইটপুৰৰ সমীপৱৰ্তী এখন গাঁৱৰ পৰা দোকানলৈ গেলামাল কিনিবলৈ যোৱা এগৰাকী ২০ বছৰীয়া যুৱতীক যোৱা ১৮ ফেব্ৰুৱাৰীত অপহৰণ কৰি নিয়া হৈছিল।

যুৱতীগৰাকীক অপহৰণ কৰি নি এটা জেইটপুৰ থানাৰ অন্তৰ্গত গাদাঘাটৰ এটা ফাৰ্ম হাউচত ৰখা হৈছিল আৰু তাতেই তেওঁক চাৰিজন লোকে গণধৰ্ষণ কৰিছিল।

পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰাৰ পিছতো যুৱতীগৰাকীৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল যদিও শেহতীয়াকৈ পথাৰৰ কাষত মূমূৰ্ষ অৱ্থাত যুৱতীগৰাকী উদ্ধাৰ হৈছে।

সম্প্ৰতি চিকিৎসাধীন অৱস্থাত থকা যুৱতীগৰাকীয়ে প্ৰকাশ কৰা মতে অপহৰণ কৰি নিয়াৰ পিছত তেওঁক ফাৰ্ম হাউচত ৰখা হৈছিল আৰু মদ্যপান কৰিবলৈ বাধ্য কৰোৱা হৈছিল।

ইয়াৰ পিছতে জেইটপুৰ মণ্ডল বিজেপিৰ সভাপতি বিজয় ত্ৰিপাঠীৰ লগতে মুঠ চাৰিজন লোকে তেওঁক ধৰ্ষণ কৰি গৈছিল।

কেইবাদিনো বলাৎকাৰ কৰাৰ পিছত তেওঁক ঘৰৰ কাষৰে পথাৰৰ দাঁতিত বলাৎকাৰী কেইজনে পেলাই থৈ যায়।

ইতিমধ্যে জেইটপুৰ থানাত বিজেপি নেতা জনৰ লগতে মুঠ চাৰি জনৰ বিৰুদ্ধে এজাহাৰ দাখিল হোৱাৰ পিছতে মধ্য প্ৰদেশ বিজেপিয়ে বাধ্যত পৰি মণ্ডল বিজেপিৰ সভাপতি বিজয় ত্ৰিপাঠীক দলৰ পৰা বহিস্কাৰ কৰাৰ কথা ঘোষণা কৰিছে।

সততে মা-বেটীৰ কথা কৈ অহা গেৰুৱা দলটোৰ নেতাৰ এনে জঘন্য কাণ্ডই এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related News