NORTHEAST NOW (Assamese)

১৭ ডিচেম্বৰত মৰিগাঁও জিলাত চৰকাৰী বন্ধ ঘোষণা

November 28, 2020 2:22 pm · এন ই নাও নিউজ

তিৱা স্বায়ত্ত পৰিষদৰ ১৯ টা সমষ্টিৰ ১৯৩ টা ভোট কেন্দ্ৰত অনুষ্ঠিত হব লগীয়া ভোট গ্ৰহণৰ দিনটো অৰ্থাৎ অহা ১৭ ডিচেম্বৰত মৰিগাঁও জিলাত জিলা প্ৰশাসনে চৰকাৰী বন্ধৰ দিন ঘোষণা কৰিছে ।

এক প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ কৰিছে জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়।

এই দিনটোত উক্ত জিলাসমূহত চৰকাৰী, বেচৰকাৰী, স্থানীয় সংস্থা, শিক্ষা প্ৰতিষ্ঠান, বেংককে ধৰি ব্যৱসায়িক আৰু উদ্যোগ সমূহ বন্ধ থাকিব।

ইপিনে প্ৰথম আৰু দ্বিতীয় দুটা পৰ্যায়ত বিটিচিত নিৰ্বাচন অনুষ্ঠিত হ’ব।

বিটিচিত প্ৰথম পৰ্যায়ত ৭ ডিচেম্বৰ সোমবাৰে ৰাতিপুৱা ৭.৩০ বজাৰ পৰা আবেলি ৪.৩০ বজালৈ নিৰ্বাচন অনুষ্ঠিত হ’ব।

প্ৰথম পৰ্যায়ত যদিহে কিবা কাৰণত পুনৰ ভোট গ্ৰহণ কৰিবলীয়া হয় তেন্তে ৮ ডিচেম্বৰত ৰাতিপুৱা ৭.৩০ বজাৰ পৰা আবেলি ৪.৩০ বজালৈ ভোট গ্ৰহণ অনুষ্ঠিত কৰা হ’ব।

প্ৰথম পৰ্যায়ত ওদালগুৰি আৰু বাক্সা জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

দ্বিতীয় পৰ্যায়ত কোকৰাঝাৰ আৰু চিৰাং জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

Related News